এ আই ইউ ডি এফত মোক্ষম আঘাতঃ কেইবা শতাধিক সদস্যৰ ৰাইজৰ দলত যোগদান

এ আই ইউ ডি এফত মোক্ষম আঘাতঃ  কেইবা শতাধিক সদস্যৰ ৰাইজৰ দলত যোগদান
Published on
Updated on

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও জিলাৰ এ আই ইউ ডি এফৰ দূৰ্গ ধিং সমষ্টিত অস্তিত্বৰ সংকটত ভূগিছে আই ইউ ডি দল। প্ৰতি দিনে এ আই ইউ ডি এফ দলৰ সদস্যই দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে। শুকুৰবাৰেও ধিং সমষ্টিত কেইবা শতাধিক এ আই ইউ ডি এফৰ দলীয় কৰ্মীয়ে দলে-বলে ৰাইজৰ দলত যোগদান কৰে।

বিশেষকৈ লোকসভা নিৰ্বাচনত অখিল গগৈয়ে ধিং সমষ্টিত প্ৰচাৰ অভিযানত নামি পৰাৰ পাছতে ৰাইজৰ দলৰ প্ৰতি ধিং সমষ্টিত যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি হয়। লোকসভা নিৰ্বাচনত আশা কৰা ধৰণে সফলতা অৰ্জন কৰাৰ পিছত এইবাৰ ৰাইজৰ দলৰ লক্ষ্য হৈ পৰিছে পঞ্চায়ত নিৰ্বাচন।

ৰাইজৰ দলৰ মূৰব্বী অখিল গগৈৰ নেতৃত্বত ৰাজ্যত চলা বিপুল যোগদান কাৰ্যসূচীৰ সমান্তৰালকৈ অখিল গগৈৰ পৰামৰ্শৰ ভিত্তিত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ মেহবুব মুক্তাৰৰ নেতৃত্বত ধিং সমষ্টিত চলিছে যোগদান কাৰ্যসূচী।

আজি ধিং সমষ্টিৰ অন্তৰ্গত লহকৰঘাট গাঁও পঞ্চায়তত ৰাইজৰ দলৰ মুখপাত্ৰ মেহেবুব মুক্তাৰৰ উপস্থিতিত এ আই ইউ ডি এফ, কংগ্ৰেছ, অগপ আৰু অন্যান্য দলৰ কেইবা শতাধিক লোকে অনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। যোগদান কৰা লোক সকলৰ ভিতৰত সৰহ সংখ্যকে এ আই ইউ ডি এফ দলৰ বুলি জানিব পৰা গৈছে।

এ আই ইউ ডি এফত মোক্ষম আঘাতঃ  কেইবা শতাধিক সদস্যৰ ৰাইজৰ দলত যোগদান
কংগ্ৰেছত যোগ দিয়াৰ পাছতে অশোক শৰ্মাৰ ওপৰত অভিযোগৰ বৰষুণ বিজেপিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in