/asomiyapratidin/media/media_files/2025/08/22/dhing-22-2025-08-22-18-24-04.jpg)
ডিজিটেল সংবাদ বটদ্ৰৱাঃ পুনৰ চাৰি দিনৰ সময়সীমাৰে ধিঙৰ বেদখলকৃত ভূমি খালী কৰিবলৈ অন্তিম সময় নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে। আজি ধিঙৰ বেদখলকৃত ভূমিত উপস্থিত হৈ নগাওঁ জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই মাইক যোগে বেদখলকাৰীসকলক অন্তিম সময় নিৰ্ধাৰণ কৰি দিয়ে।
উল্লেখ্য যে, ২৩ আগষ্টত এই অঞ্চলত বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলোৱাৰ কথা আছিল যদিও এই অভিযান ২৭ আগষ্টলৈ পিছুৱাই দিয়া হৈছে। ধিং ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ে পূৰ্বে ৫ আৰু ৮ জুলাইত জাৰি কৰা জাননী অনুসৰি ২৩ আগষ্টত উচ্ছেদ অভিযান চলোৱাৰ কথা আছিল। কিন্তু ৰাইজৰ অনুৰোধত আজি পুনৰ প্ৰশাসনে বেদখলকাৰীসকলক ৪ দিনৰ অতিৰিক্ত সময় নিৰ্ধাৰণ কৰি দিয়ে।
উল্লেখ্য যে, ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত জেঙনি আৰু বলিকটিয়াত বেদখলকৃত ভূমিত উচ্ছেদ চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে প্ৰশাসন। ইয়াৰ বাবে সাজু কৰি ৰাখিছে বুলডোজাৰ। জানিব পৰা মতে ২৭ আগষ্টৰ পুৱা ৮ বজাৰ পৰা প্ৰশাসনে ইয়াত চলাব উচ্ছেদ অভিযান।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us