কন্যাৰ বাবে ন্যায় বিচাৰি ধিঙৰ ৰাজপথত শ শ জনতা...

কন্যাৰ বাবে ন্যায় বিচাৰি ধিঙৰ ৰাজপথত শ শ জনতা...
Published on
Updated on

ডিজিটেল সংবাদ,ধিংঃ নগাঁৱৰ ধিঙত সংঘটিত জঘন্য কাণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ধিং চহৰ। নাবালিকা ধৰ্ষণক কেন্দ্ৰ কৰি ধিঙত উত্তাল পৰিৱেশে বিৰাজ কৰিছে। বৰ্তমান নগাঁও মেডিকেল কলেজত চিকিৎসাধীন দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা দশম শ্ৰেণী ছাত্ৰীগৰাকী।

ইফালে সমগ্ৰ ঘটনাৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত ধিং তথা নগাঁও আৰক্ষীয়ে নিশাই আৰম্ভ কৰিছে অভিযান।ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে। ধৃত দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই ঘটনাৰ বিৰোধিতাৰে ছাত্ৰ সন্থাৰ আহ্বানত পুৱাৰে পৰা বন্ধ হৈ পৰিছে ধিং। সেয়ে পুৱাৰ পৰা ধিং অঞ্চলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়।এই অমানৱীয় ঘটনাৰ বিৰুদ্ধে ছাত্ৰ সন্থাই বন্ধৰ আহ্বান জনোৱাৰ পিচত ধিং অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে পালন কৰিছে বন্ধ।ইফালে ধৰ্ষণৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে শ শ মহিলা ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল নাবালিকাগৰাকী। নিশা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল ভুক্তভোগী।সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নাবালিকা ছাত্ৰীগৰাকী সংকটমুক্ত বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

কন্যাৰ বাবে ন্যায় বিচাৰি ধিঙৰ ৰাজপথত শ শ জনতা...
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰমেন বৰুৱাৰ এমুঠি গীতেৰে উভতি অহাৰ আহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in