ধুবুৰী জিলা প্ৰশাসনে জিলা সংগ্ৰহালয়ক চমজাই দিলে ১ কটা ১০ লেচা মাটি...

ধুবুৰী জিলা প্ৰশাসনে জিলা সংগ্ৰহালয়ক চমজাই দিলে ১ কটা ১০ লেচা মাটি...

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলা প্ৰশাসনে জিলা সংগ্ৰহালয়ক চমজাই দিলে ১ কটা ১০ লেচা মাটি...

ডিজিটেল সংবাদ, ধুবুৰীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱমাননা কৰি ছয়টা বছৰ পাৰ হৈ যোৱাৰ পিছতো ধুবুৰী লেডিছ ক্লাৱে ধুবুৰী জিলা সংগ্ৰহালয়ক ১ কঠা ১০ লেচা মাটি বুজাই নিদিয়াৰ বাতৰি যোৱা ১ আগষ্টত অসমীয়া প্ৰতিদিন ডিজিটেলত সবিস্তাৰে ওলোৱাৰ পিচতে ধুবুৰী জিলা প্ৰশাসনে যোৱা ১৪ আগষ্টত ধুবুৰী জিলা সংগ্ৰহালয়ক ধুবুৰী লেডিচ ক্লাৱৰ চৌহদত থকা মুঠ ৪ কঠা ১০ লেচা মাটিৰ ভিতৰত ১ কটা ১০ লেচা মাটি চমজাই দিয়ে।

ধুবুৰী জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে ধুবুৰী ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম বৰ্মণে যোৱা ১৪ আগষ্টত ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডত অৱস্থিত লেডিচ ক্লাৱ লৈ গৈ ধুবুৰী জিলা সংগ্ৰহালয় বিষয়া কীৰ্তি সৰকাৰক ধুবুৰী জিলা সংগ্ৰহালয় ৰ বাবে আৱণ্টিত ১ কটা ১০ লেচা মাটি বুজাই দিয়ে। উল্লেখযোগ্য যে, ২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই ধুবুৰী জিলা প্ৰশাসনক এক নিৰ্দেশনা যোগে ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডত অৱস্থিত লেডিছ ক্লাৱৰ ভূমিৰ পৰা ১ কঠা ১০ লেচা ভূমি জিলা সংগ্ৰহালয়ক হস্তান্তৰ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছিল।

কিন্তু ৰহস্য জনক ভাৱে ধুবুৰী লেডিচ ক্লাৱে ছটা বছৰ অতিক্ৰম কৰাৰ পিচতো সেই ভূমি জিলা সংগ্ৰহালয়ক হস্তান্তৰ কৰা নাছিল। এই সন্দৰ্ভত যোৱা ১ আগষ্টত অসমীয়া প্ৰতিদিন ডিজিটেলত সবিস্তাৰে সম্প্ৰচাৰিত হৈছিল। উল্লেখ যোগ্য যে ধুবুৰী লেডিচ ক্লাৱে চৰকাৰী ভূমি ৪ কঠা ১০ লেচা মাটি নিজৰ অধীনত ৰাখিছিল।সেই ৪ কঠা ১০ লেচা মাটিৰ ১ কঠা ১০ লেচা মাটি ধুবুৰী জিলা সংগ্ৰহালয়ক হস্তান্তৰ কৰাৰ প্ৰস্তাৱ লৈ অনুমোদন জনোৱাৰ বিপৰীতে বাকী থকা ৩ কঠা মাটি ধুবুৰী লেডিচ ক্লাৱৰ নামত ৰখা হৈছিল।

চৰকাৰী মাটিৰ দাগ নং ১৩৭৭ ত বৰ্তমানে এখন অসম আৰ্হিৰ ঘৰ সহ লেডিছ ক্লাবৰ অৱস্থিতি দেখা পোৱা যায় যদিও সেই অসম আৰ্হিৰ ঘৰ খনৰ অবস্থাও জৰাজীৰ্ণ হৈ পৰিছে। জিলা সংগ্ৰহালয়ৰ বাবে প্ৰস্তাৱিত ১ কঠা ১০ লেচা ভূমি জিলা পৰ্যায়ৰ লেণ্ড এডভাইজৰি বোৰ্ডৰ পৰামৰ্শৰ জৰিয়তে ২০১০ চনত ধুবুৰী জিলা সংগ্ৰহালয়ৰ নামত অনুমোদিত হৈছিল। ইপিনে আজি ধুবুৰী ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম বৰ্মণে ধুবুৰী লেডিচ ক্লাৱলৈ আহি ধুবুৰী জিলা সংগ্ৰহালয়লৈ হস্তান্তৰ কৰা ১ কঠা ১০ লেচা মাটিৰ পৰিদৰ্শন কৰি বুজ লয়।

ধুবুৰী জিলা