গোপনে সংগ্ৰহ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰি ধন ঘটা খাইৰুলক ধুবুৰীত গ্ৰেপ্তাৰ

গোপনে সংগ্ৰহ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰি ধন ঘটা খাইৰুলক ধুবুৰীত গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী চহৰৰ এগৰাকী যুৱকে অশ্লীল ভিডিঅ' ছাইটত নাবলিকাৰ ভিডিঅ' আপলোড কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই ধুবুৰী চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে ধুবুৰী চহৰৰ ইছলাম নগৰৰ খাইৰুল ইছলাম (২৫) নামৰ এজন যুৱকে আজিৰ পৰা প্ৰায় ৪ বছৰ পূৰ্বে এগৰাকী নাবালিকাৰ বয়স ৪ বছৰ থাকোতেই অশ্লীল ভিডিঅ' কৰি অশ্লীল ভিডিঅ' ছাইটত আপলোড দিছিল।

শেহতীয়াকৈ চলিত বৰ্ষৰ ২১ জুলাইত আৰক্ষীৰ চাইবাৰ শাখাত উক্ত ভিডিঅ'টো ধৰা পৰাত চাইবাৰ শাখাই ধুবুৰী আৰক্ষীক উক্ত ঘটনাৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। চাইবাৰ শাখাৰ নিৰ্দেশত তৎপৰ হৈ পৰে ধুবুৰী আৰক্ষী। ধুবুৰী আৰক্ষী তৎপৰ হৈ শনিবাৰে ধুবুৰী চহৰৰ ইছলাম নগৰৰ পৰা খাইৰুল ইছলাম নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰে । ধুবুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাচনিয়ে অভিযুক্ত খাইৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৬/১৪(২)/১৫ পকচ' আইনৰ আৰ/ডব্লিও ৮৩(২) জুভেইলাইন জাষ্টিচ আইনৰ অধীনত ২৬২/২৪ নম্বৰ গোচৰ ধুবুৰী সদৰ থানাত ৰুজু কৰে। ইপিনে ধুবুৰী আৰক্ষীয়ে অভিযুক্ত খাইৰুল ইছলামক শনিবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱাত খাইৰুল ইছলামক আদালতে তিনি দিনৰ বাবে আৰক্ষীক জিম্মাত লৈ প্ৰেৰণ কৰে। উল্লেেখযোগ্য যে, বৰ্তমান সেই নাবালিকা গৰাকীৰ বয়স ৮ বছৰ বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in