নতুন দিল্লীত লাচিত দিৱসত অংশগ্ৰহণৰ বাবে ৰাওনা ধুবুৰীৰ শিক্ষাৰ্থী...

ধুবুৰীত অব্যাহত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
নতুন দিল্লীত লাচিত দিৱসত অংশগ্ৰহণৰ বাবে ৰাওনা ধুবুৰীৰ শিক্ষাৰ্থী...

লাচিত দিৱসত অংশগ্ৰহণৰ বাবে ৰাওনা ধুবুৰীৰ শিক্ষাৰ্থী

ডিজিটেল সংবাদ, ধুবুৰীঃ সমাগত লাচিত দিৱস উপলক্ষে নতুন দিল্লীত ৰাজ্য চৰকাৰে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীত ভাগ ল'বলৈ সোমবাৰে ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয় ১২ গৰাকী শিক্ষাৰ্থীৰ এটা দল ৷ পুৱা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিক্ষাৰ্থীৰ দলটোৰ যাত্ৰাৰ ফ্লেগ অফ কৰে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷

দলটোত ধুবুৰী জিলাৰ ভোলানাথ মহাবিদ্যালয়, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়, চিলাৰায় মহাবিদ্যালয় আৰু বিলসীপাৰা মহাবিদ্যালয়ৰ দুগৰাকীকৈ মুঠ ৮গৰাকী শিক্ষাৰ্থী আছে ৷ দক্ষিণ শালমৰা মানকাচৰ জিলাৰ মানকাচৰ কলেজ আৰু দক্ষিণ শালমাৰা কলেজৰো দুগৰাকীকৈ মুঠ ৪ গৰাকী শিক্ষাৰ্থীয়ে একেখন বাছতে ধুবুৰীৰ পৰা যাত্ৰা কৰে ৷

জানিব পৰা অনুসৰি শিক্ষাৰ্থী দলটোৰ একাংশই আজি আৰু বাকীসকলে কাইলৈ বিমানযোগে নতুন দিল্লীলৈ ৰাওনা হ'ব ৷ যাত্ৰাৰ ফ্লেগ অফ কৰি অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে শিক্ষাৰ্থীসকলৰ তত্বাবধায়ক শিক্ষকগৰাকীক বিমানৰ টিকট আদি যাৱতীয় নথি আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷

আনহাতে ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথৰ তত্বাবধানত জিলাখনত লাচিত দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰাইজ বিশেষকৈ শিক্ষাৰ্থীৰ ব্যাপক অংশগ্ৰহণৰ মাজেৰে অনুষ্ঠিত হৈ আছে ৷ চাপৰৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত কালি পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷ আজি চাপৰৰ শ্ৰীগ্ৰাম সংৰক্ষিত বনাঞ্চলৰ অধীনৰ খেৰডুবি গাঁৱত ৪০০ জোপা গছপুলি ৰোপন কৰে ৷ বিভিন্ন শিক্ষানুষ্ঠান আৰু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ উদ্যোগতো অব্যাহত আছে বৃক্ষৰোপন কাৰ্যসূচী৷ আয়োজন কৰা হৈছে ৰক্তদান শিবিৰৰো ৷

জানিব পৰা মতে জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী চহৰৰ প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হৈ আছে শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন, বক্তৃতা, কুইজ আদি প্ৰতিযোগিতা ৷ অহা ২৩ নৱেম্বৰত আয়োজন কৰিছে এটা সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ ২৪ নৱেম্বৰত প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জনায় ৷ ২৪ আৰু ২৫ নৱেম্বৰত অসম চৰকাৰে নতুন দিল্লীত আয়োজন কৰা কাৰ্যসূচী প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত পোনপতীয়াকৈ দেখুওৱা হ'ব বুলি জানিবলৈ দিয়ে ৷

আৰু পঢ়কঃ গীনিজ বুকত নাম সোমাল অৰুণাচলৰ...

assam dhuburi LACHIT BORPHUKAN