ধুবুৰীত কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন...

ধুবুৰীত কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলা কৃষি বিভাগৰ উদ্যোগত আজি ধুবুৰী জিলাৰ মধুছৌলমাৰী কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত মধুছৌলমাৰি প্ৰথম খণ্ড গাঁৱত অসমীয়া জাতীয় উৎসৱ কাতি বিহুৰ উদযাপনৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচীত ধুবুৰী জিলা কৃষি বিষয়া আজিম আহমেদ, সহকাৰী কৃষি সঞ্চালক মৃণাল কান্তি কছাৰী ,মহকুমা কৃষি বিষয়া সকল ৱাজেদ আলী আহমেদ, চালাহুৰ ৰহমান, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া অশোক কুমাৰ শ্ৰীবাস্তৱ, কৃষি উন্নয়ন বিষয়া সকল দিপাংকৰ চৌধুৰী, দীপজ্যোতি দাস, নয়নজ্যোতি শৰ্মা আৰু ৰক্তিম ভাগৱতী, প্ৰগ্ৰেম অফিচাৰ ধ্ৰুবজ্যোতি মিশ্ৰ, স্থানীয় সমাজকৰ্মী আবু বক্কৰ ছিদিক আৰু আবু হানিফ আৰু জিলা কৃষি কাৰ্যালয়ৰ সমূহ বিষয়-ববীয়া আৰু কৃষক সকল উপস্থিত থাকে।

ধুবুৰীৰ মহকুমা কৃষি বিষয়া চালাহুৰ ৰহমানে মধুছৌলমাৰি প্ৰথম খণ্ড গাঁৱৰ কৃষকসকলক আদৰণি জনাই এই কাৰ্যসূচীৰ আয়োজনত বিভাগক সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি কৃষিৰ সহকাৰী সঞ্চালক মৃণাল কান্তি কছাৰীয়ে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, খাদ্য আৰু পুষ্টি সুৰক্ষা, উত্তৰ-পূৱ আৰু হিমালয়ৰ ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান, প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী আঁচনি, পি এম-কিষান আদি বিভিন্ন আঁচনিৰ ওপৰত সজাগতা প্ৰদান কৰে।

ইয়াৰ লগতে আজি মহকুমা কৃষি বিষয়া ৱাজেদ আলী আহমেদে সাংস্কৃতিক পদ্ধতিসমূহ পুনৰুজ্জীৱিত কৰিবলৈ আৰু প্ৰাকৃতিক কৃষিৰ ওপৰত অধিক আলোকপাত কৰিবলৈ আৰু পৰিৱেশ অনুকূল কৃষিৰ ধাৰণাক উন্নীত কৰিবলৈ প্ৰাকৃতিক কৃষিৰ অনুশীলনক উৎসাহিত কৰিবলৈ সজাগতা প্ৰদান কৰে।আনহাতে ধুবুৰী জিলা কৃষি বিষয়া আজিম আহমেদে সমূহ বিভাগীয় বিষয়া আৰু কৃষকলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি কৃষকসকলৰ সৈতে আঁচনিসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে চৰকাৰী আঁচনিৰ দ্বাৰা তেওঁলোকে লাভৱান হৈছে নে নাই সেই বিষয়ে বুজ লয়।

জিলা কৃষি বিষয়া গৰাকীয়ে পি এম-কিষান, মাটি স্বাস্থ্য কাৰ্ড আদি বিষয়ক লৈও কৃষকৰ সৈতে মত-বিনিময় কৰে। আজিৰ কাৰ্যসূচীত জিলা কৃষি বিভাগে মধুছৌলমাৰীৰ পৰা দহজনতকৈ অধিক প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জনোৱা হয় আৰু কৃষি বিভাগৰ দ্বাৰা উদ্যান শস্য কিট , ভাৰ্মিবেড প্ৰদান কৰা হয়। কাৰ্যসূচীৰ শেষত পৰম্পৰাগত সাংস্কৃতিক কাৰ্যসূচী মৰ্মে তুলসীৰ তলত প্ৰাৰ্থনা ,মাটিৰ চাকি প্ৰজ্বলন আৰু আকাশ বন্তি জ্বলাই ধাননি পথাৰখন আলোকিত কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in