ডিজিটেল সংবাদ, ধুবুৰীঃ ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ সদৰ ধুবুৰী চহৰ ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰপাৰে অৱস্থিত ।চহৰ খনৰ পূব-উত্তৰ কোনতে অৱস্থিত ঐতিহ্য মণ্ডিত পাঁচপীৰ দৰগাহ শ্বৰীফ । ৪০০ বছৰত কৈ অধিককাল ধৰি এই দৰগাহশ্বৰীফে অতীত স্মৃতি বহন কৰি আছে । ১৬৬২ খ্ৰী:ব্দত পাঁচপীৰ দৰগাহৰ স্থাপন হয়। ইতিহাসৰ তথ্য মতে, আহোম ৰজাই কৰ দিবলৈ অমান্তি হোৱাত মোগল প্ৰতিনিধি ফিৰোজ খাঁ আৰু আহোম ৰজা চক্ৰধ্বজ সিংহৰ মাজত যুদ্ধ হয়।এই যুদ্ধত ফিৰোজ খাঁ পৰাজয় হয় আৰু চক্ৰধ্বজ সিংহই গুৱাহাটী দখল কৰে।
ইয়াৰ পিছতে মোগল সম্ৰাট ঔৰংজেৱে অম্বৰৰ ৰজা ৰামসিংহক গুৱাহাটী পুনৰুদ্ধাৰৰ বাবে ১৮০০০ অশ্বাৰোহী ৩০,০০০ পদাতিক আৰু ১৫০০০ ধনুৰ্ধাৰীৰ এক শক্তিশালী সৈন্যবাহিনী লগত দি পঠিয়ায় । ৰামসিংহৰ অভিযানৰ সময়ত ছায়েস্তা খাঁ ঢাকাৰ ছুবেদাৰ আছিল । ছায়েস্তা খাঁ সম্ৰাট ছাহাজানৰ পত্নী মমতাজ বেগমৰ ভায়েক। তেঁও সম্ৰাটক এই বুলি সাৱধান কৰি দিছিল যে কামৰূপ যাদুবিদ্যা, তন্ত্ৰ-মন্ত্ৰ আৰু ভূত-প্ৰেতৰ দেশ ।
ইয়াৰ বায়ু আৰু পানী দূষিত, প্ৰায়বোৰ ঠাই গভীৰ হাবিবননিৰে ভৰা। এনে অৱস্থাত অসমৰ লগত যুঁজিবলৈ হ'লে লগত আধ্যাত্মিক ক্ষমতাসম্পন্ন ব্যক্তিৰ আৱশ্যকতা আছে। সম্ৰাটে তেতিয়া অসমৰ পৰিস্থিতিৰ লগত ফেৰ মাৰিবলৈ ৰামসিংহৰ লগত আধ্যাত্মিক ক্ষমতা সম্পন্ন ছুফিবাদী লোক পঠিয়াবলৈ স্থিৰ কৰিলে । সেইমতে আজমীৰৰ তাৰবৰ পাহাৰৰ পৰা হজৰত গাজীশ্বাহ আকবৰৰ লগত হজৰত শ্বাহ কামাল, হজৰত শ্বাহ ছুফী , হজৰত শ্বাহ শ্বৰণ আৰু হজৰত শ্বাহ বাকমাৰ ৰামসিংহৰ লগত পঠিওৱা হয়।
পাঁচপীৰে আহি ধুবুৰী চহৰৰ বৰ্তমান য'ত দৰগাহ শ্বৰীফ আছে তাত অৱস্থান কৰে। তেঁও লোকে মোগল সৈন্যৰ মংগলৰ বাবে দোৱা কৰিছিল।এই সাধক পীৰ চাহেব সকলে স্থানীয় মুছলমানৰ মাজত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰো কৰিছিল । তেঁও লোকৰ আহ্বানত দলে দলে লোক আহি তেঁও লোকৰ ওচৰত মুৰীদ হৈছিল (দীক্ষা লৈছিল)। ৰামসিংহ আৰু তেঁওৰ অনুগামী সকলক নিজ নিজ ঠাইলৈ প্ৰত্যাৱৰ্তন কৰে, কিন্তু এই সাধক পীৰ সকল ধুবুৰীতে থাকি যায়। ধুবুৰী চহৰৰ উত্তৰ -পূবত গদাধৰ নৈৰ পাৰত অৱস্থিত এই ঠাইডোখৰতে মুখ্য পীৰ হজৰত গাজীশ্বাহ আকবৰৰ মৃত্যু হোৱাত তেঁওক সমাধিস্থ কৰা হয় ।
ধুবুৰী চহৰৰ সোঁমাজতে নিৰ্মিত জিলা কাৰাগাৰৰ নিচেই ওচৰৰ পূব-উত্তৰ চুকত আন এটি পীৰ চাহেবৰ মাজাৰ আছে। ইয়াতে হজৰত শ্বাহ শ্বৰণৰ মৃত্যু হোৱাত তেঁওক সমাধিস্থ কৰা হয়। পাঁচগৰাকী পীৰৰ এজনে নাৱেৰে ভটিয়াই গৈ গাৰোপাহাৰৰ মহেন্দ্ৰগঞ্জ তে উপস্থিত হয়। তাতে এটা টীলাৰ ওপৰত খানকাহ পাতি থাকে। তেঁওৰ মৃত্যু ৰ পিছত ইয়াতে তেঁওক সমাধিস্থ কৰা হয়। এইগৰাকী পীৰ চাহাবেই আছিল হজৰত শ্বাহ কামাল দৰগাহ শ্বৰীফ হিচাপে খ্যাত ।
আন দুগৰাকী পীৰ ক্ৰমে হজৰত শ্বাহ ছুফী আৰু হজৰত শ্বাহ বাকমাৰ কোন ঠাইত মৃত্যু হয় আৰু তেঁও লোকৰ মাজাৰ ক'ত আছে সেই বিষয়ে বৰ্তমানলৈ কে জানিব পৰা হোৱা নাই। আজিৰ তাৰিখত ধুবুৰীৰ পাঁচপীৰ দৰগাহৰ ইতিহাসৰ যথেষ্ট গুৰুত্ব আছে । দূৰ -দূৰণিৰ পৰা বিভিন্ন ধৰ্মাৱলম্বীৰ বহুতো ভক্তপ্ৰাণ ৰাইজ , দৰ্শনাৰ্থী পাঁচপীৰ দৰগাহলৈ আহি সেৱা-প্ৰাৰ্থনা কৰি যায়। ইতিহাস প্ৰসিদ্ধ ধুবুৰী চহৰৰ পাঁচপীৰৰ দৰগাহ আজিও আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ আছে । ইপিনে ধুবুৰীৰ পাঁচপীৰ দৰগাহ আৰু ধুবুৰীৰ শ্ৰী তেগ বাহাদুৰ চাহাবজীৰ গুৰুদ্বাৰে আজিও ধুবুৰীত অন্যতম শান্তি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে।