ঢকুৱাখনাত অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ সঞ্চিত পুঁজি সমূলঞ্চে সৰকালে দুৰ্বৃত্তইঃ গোচৰ ৰুজু

ঢকুৱাখনাত অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ সঞ্চিত পুঁজি সমূলঞ্চে সৰকালে দুৰ্বৃত্তইঃ গোচৰ ৰুজু
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ সাঁচতীয়া পেঞ্চনৰ ধন সমূলঞ্চে সৰকাই নিয়া এক দুষ্কাৰ্য পোহৰলৈ আহিছে। ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কঠালগুৰি গাঁৱৰ অৱসৰী লোকনিৰ্মাণ বিভাগৰ শ্ৰমিক অনিধৰ পেগুৰ ষ্টেট বেংকৰ ঢকুৱাখনা শাখাৰ একাউণ্টৰ পৰা সৰকাই নিলে বৃহৎ পৰিমাণৰ সঞ্চিত পুঁজি।

পেগুৱে জনোৱা মতে তেওঁৰ এছ বি আই ঢকুৱাখনা শাখাৰ একাউণ্টৰ পৰা বৃহস্পতিবাৰে ধন উলিয়াবলৈ আহি এই লুণ্ঠন ধৰা পেলায়। লখিমপুৰ লোকনিৰ্মাণ বিভাগৰ শ্ৰমিক হিচাবে অৱসৰ গ্ৰহণ কৰা অনিধৰ পেগুৱে জনোৱা মতে ২০২৩ চনৰ পৰা তেওঁৰ এ টি এম কাৰ্ডখন কোনো অজ্ঞাত লোকে কৌশলেৰে হস্তগত কৰি গোপনে কেইবা সহস্ৰাধিক টকা বহুবাৰ উলিয়াই আহিছে।

বৃহস্পতিবাৰে এই সন্দৰ্ভত ষ্টেট বেংক কৰ্তৃপক্ষক বৃদ্ধ গৰাকীয়ে অভিযোগ কৰাত ২০২৩ চনৰ পৰা এ টি এম কাৰ্ডৰ জৰিয়তে বৃহৎ পৰিমাণৰ পুঁজি সৰকায় থকা বুলি পোহৰলৈ আহে। বেংক কৰ্তৃপক্ষই সৰ্বশ্ৰান্ত বৃদ্ধ গ্ৰাহক গৰাকীক ধাৰাবাহিক ভাবে এ টি এম কাৰ্ডৰ জৰিয়তে পুঁজি উলিয়াই নিয়াৰ প্ৰামানিক তথ্য ষ্টেটমেণ্ট প্ৰদৰ্শন কৰে।

বৃদ্ধ কালৰ কষ্ট উপাৰ্জিত পেঞ্চনৰ ধন হৰলুকী হোৱা এই দুষ্কাৰ্য প্ৰত্যক্ষ কৰি স্তম্ভিত বৃদ্ধ পেগুৱে এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এটা গোচৰ ৰুজু কৰে। নিজৰ সাঁচতীয়া টকা কেইটা চোৰাং ভাবে লুটি পুতি খোৱা অৰ্থলোভী ব্যক্তি গৰাকীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ঢকুৱাখনা আৰক্ষীক।

ভুক্তভোগীৰ অভিযোগ অনুসৰি বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত বৃদ্ধ গৰাকীৰ পৰা কৌশলেৰে এ টি এম কাৰ্ডখন চুৰি কৰি জনৈক নিত্যানন্দ পেগু নামৰ অৰ্থলোভী এটাই বিভিন্ন স্থানৰ পৰা ধাৰাবাহিকভাবে ইচ্ছা অনুসৰি ধন উলিয়াই আহিছিল। বৃহস্পতিবাৰেও যুৱকজনে লখিমপুৰৰ এটা এ টি এমৰ পৰা প্ৰায় ৯ হাজাৰ টকা নগদ উলিয়াই নিয়া ঘটনা পোহৰলৈ আহে।

বৃদ্ধ গ্ৰাহক গৰাকীৰ অজ্ঞাতে এনেদৰে হাজাৰ হাজাৰ টকা সৰকাই অহা নিত্যানন্দ পেগু কোন?এগৰাকী দৰিদ্ৰ বৃদ্ধৰ সঞ্চিত পুঁজি উদৰস্থ কৰা এইটো অৰ্থলোভীৰ কৰাল গ্ৰাসৰ পৰা পুঁজি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব নে ঢকুৱাখনা আৰক্ষী ? বৃদ্ধ কাললৈ সাঁচি ৰখা ধন ৰাশি পুনৰ উদ্ধাৰ কৰি দিবলৈ সমৰ্থ হ'ব নে ঢকুৱাখনা আৰক্ষী? এনেবোৰ প্ৰশ্নই সাম্প্ৰতিক সময়ত ঢকুৱাখনাবাসীৰ মনত জুমুৰি দি ধৰিছে।

ঢকুৱাখনাত অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ সঞ্চিত পুঁজি সমূলঞ্চে সৰকালে দুৰ্বৃত্তইঃ গোচৰ ৰুজু
ঢেকীয়াজুলি কাণ্ডৰ উত্তেজনাৰ মাজতে ঠেলামৰাত পুনৰ ধৰ্ষণৰ অপচেষ্টা কিশোৰীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in