ডিজিটেল সংবাদ, গুৱাহাটীঃ ১৯৬৪ চনত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অসমৰ অন্যতম মহীৰূহ পৰাগধৰ চলিহা আৰু গিৰিধৰ শৰ্মাৰ নেতৃত্বত জন্মলাভ কৰা ৰাজ্যখনৰ অন্যতম শীৰ্ষস্থানীয় বৌদ্ধিক সংগঠন 'অসম কলেজ অধ্যক্ষ পৰিষদে' ২০২৪ খীষ্টাব্দত গৌৰৱময় হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছে। অসম কলেজ অধ্যক্ষ পৰিষদৰ হীৰক জয়ন্তী সমাৰোহৰ লগতে ৩৮ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনি গুৱাহাটীৰ এছ বি দেওৰা মহবিদ্যালয়ত অহা নবেম্বৰ মাহৰ দ্বিতীয় ভাগত অনুষ্ঠিত হব।
এছ. বি. দেওৰা মহাবিদ্যালয়ৰ উদ্যোগত আৰু মহানগৰৰ আন মহাবিদ্যালয়বোৰৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এই অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক মহাবিদ্যালয়ৰ অধ্যক্ষই অংশগ্ৰহণ কৰিব। হীৰক জয়ন্তী আৰু দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে শৈক্ষিক আলোচনা চক্ৰ, বিশেষ বক্তৃতা, ছাত্র-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা আদি অনুষ্ঠিত হব বুলি এছ. বি. দেওৰা মহাবিদ্যায়ৰ অধ্যক্ষ ড৹ ধৰ্মেন্দ্ৰ নাথে জানিবলৈ দিছে।
অধিৱেশন উপলক্ষে অনুষ্ঠিত হবলগীয়া মুকলি সভালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যক নিমন্ত্ৰণ জনোৱা হব। মূল অধিৱেশনৰ আগতে মাণ্ডলিক সমিতিবোৰক নিজা নিজা অধিবেশন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে অধ্যক্ষ পৰিষদৰ সভাপতি ড৹ সোমাৰজ্যোতি মহন্ত আৰু সম্পাদক ড৹ ৰঞ্জন কলিতাই আহ্বান জনাইছে।
Also Read: মেইটেইলৈ শান্তিৰ বাৰ্তা দিলে কুকিয়েঃ মানৱীয়তাৰ পৰিচয়েৰে অসহায় মহিলাক দিলে সুৰক্ষা...