ড০ দয়ানন্দ শ্বাহক জাতীয় সংগঠনৰ সম্বৰ্ধনা

ড০ দয়ানন্দ শ্বাহক জাতীয় সংগঠনৰ সম্বৰ্ধনা
Published on
Updated on

ডিজিটেল সংবাদ,ডিব্ৰুগড়: ডিব্ৰুগড় জিলাৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বিশিষ্ট সামজকৰ্মী ড০ দয়ানন্দ শ্বাহক শনিবাৰে নিজ ঘৰতে কেইবাটাও জাতীয় সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে৷ দিনৰ প্ৰায় ৩ বজাত কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে ড০ দয়ানন্দ শ্বাহৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচ,চেলেং,মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাজ্যিক সমিতি,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোট আৰু লাহোৱাল আঞ্চলিক সমিতি,অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লাহোৱাল শাখা আৰু আদিবাসী ছাত্ৰ সন্থাৰ ৰহমৰীয়া আঞ্চলিক সমিতিয়ে ড০ শ্বাহক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷

ডিব্ৰুগড় জিলাৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ,ক্ৰীড়াবিদ ড০ দয়ানন্দ শ্বাহক শেহতীয়াকৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে ৷ ড০ দয়ানন্দ শ্বাহে কৰি অহা সমাজসেৱাৰ বাবে ১৬ জুলাইত দিল্লী এনচিআৰৰ কুণ্ডিলৰ প্ৰখ্যাত সংস্থা ভক-ভাৰ্চিটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ৷ ডিব্ৰুগড় জিলাৰ বিশিষ্ট শিক্ষাবিদ,সমাজ সংস্কাৰক, ক্ৰীড়াবিদ, চাহ জনগোষ্ঠীৰ নেতা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি কৰা সমাজ সেৱাৰ বাবে ‘সমাজসেৱা’ শিতানত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ভক-ভাৰ্চিটিয়ে৷

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ প্ৰয়াত শিৱকান্ত শ্বাহ আৰু শ্বগীয়া লক্ষীদেৱী শ্বাহৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি সমাজৰ বাবে কাম কৰি গৈছে ৷ ড০ শ্বাহে সমাজৰ পিছপৰা শ্ৰেণীৰ মানৱ সম্পদক মানুহ কৰিবলৈ কাম কৰি আহিছে ৷ ব্যক্তিগতভাবে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে ৷ চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰিছে৷

ড০ দয়ানন্দ শ্বাহক জাতীয় সংগঠনৰ সম্বৰ্ধনা
উৰিয়াগাঁৱত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি অনুষ্ঠান সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in