যোগগুৰু ৰামদেৱৰ সহকৰ্মী আচাৰ্য্য বালকৃষ্ণক প্ৰাণে মৰাৰ ষড়যন্ত্ৰ, জন্মাষ্টমীৰ প্ৰসাদত মিহলোৱা হৈছিল বিহ!

যোগগুৰু ৰামদেৱৰ সহকৰ্মী আচাৰ্য্য বালকৃষ্ণক প্ৰাণে মৰাৰ ষড়যন্ত্ৰ, জন্মাষ্টমীৰ প্ৰসাদত মিহলোৱা হৈছিল বিহ!
Published on
Updated on

ডিজিটেল ডেস্কঃ যোগগুৰু বাবা ৰামদেৱৰ একান্ত ঘনিষ্ঠ আচাৰ্য্য বালকৃষ্ণৰ স্বাহ্য বৰ্তমানেও উন্নত হোৱা নাই। যোৱা শুকুৰবাৰে শাৰিৰিক অসুস্থতাৰ বাবে হৃষীকেষ স্থিত এইমছত ভৰ্তি কৰোৱা বালকৃষ্ণ এতিয়াও আছে আই চি এউত। পতঞ্জলী যোগপীঠৰ মহামন্ত্ৰী বালকৃষ্ণ চিকিৎসাধীন হৈ থকাৰ মাজতে ছচিয়েল মিডিয়াত চৰ্চিত হৈছে এক বিষয়।

দৰাচলতে খবৰ ওলাইছে যে বালকৃষ্ণই জন্মাষ্টমীৰ প্ৰসাদ খোৱাৰ পাছতে অসুস্থ হৈ পৰে। ইতিমধ্যে সেই কথা স্বীকাৰো কৰিছে আচাৰ্য্য জনৰ ঘনিষ্ঠই। কিন্তু ইয়াৰ মাজতে কংগ্ৰেছ নেতা কিশোৰ উপাধ্যায়ে অভিযোগ উত্থাপন কৰিছে যে, আচাৰ্যজনক কোনো দুষ্ট চক্ৰই প্ৰাণে মৰাৰ চক্ৰান্ত কৰিছিল, যাৰ বাবে খাদ্যত মিহলি কৰি দিছিল বিহ। বালকৃষ্ণৰ সন্দৰ্ভত ছচিয়েল মিডিয়াতো চলিছে এতিয়া এনে চৰ্চা।

বহুলোকে মন্তব্য কৰিছে যে, জন্মাষ্টমী অনুষ্ঠানত কোনো লোকে বালকৃষ্ণক এটা মিঠাই খোৱাই দিয়াৰ পাছতে তেওঁ স্বাস্থ্যৰ অৱনতি ঘটে। উল্লেখ্য যে, বালকৃষ্ণক প্ৰাণে মৰাৰ এই চক্ৰান্তৰ কথা সম্পূৰ্ণৰূপে নুই কৰিব পৰা নাই হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটৰ লগতে যোগগুৰু বাবা ৰামদেৱেও। ৰামদেৱে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিচাৰিছে তদন্ত। ইফালে এতিয়ালৈকে বালকৃষ্ণৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই চিকিৎসালয় কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in