ডিগবৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
চোকা অস্ত্রৰে ঘপিয়াই হত্যাৰ চেষ্টা এজন লোকক।
ডিগবৈ চাৰিআলিৰ ৰে’ল গেটৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
ধুবীবস্তিৰ অমৃত ঠাকুৰ নামৰ লোকজনক আক্রমণ আত্মীয়ৰ।
অমৃতৰ পত্নীৰ আত্মীয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে।
পাৰিবাৰিক কন্দলৰ ফলতেই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
সংকটজনক অৱস্থাত তিনিচুকীয়ালৈ প্রেৰণ কৰা হৈছে অমৃত ঠাকুৰক।