ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ অৱসৰী কৃতী প্ৰধান শিক্ষক দিনেশ চন্দ্ৰ দাসৰ মঙলবাৰে বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেখেতেৰ বয়স আছিল ৬৯ বছৰ।
উক্ত নিশা ১-৩০ বজাত নিজ বাস ভৱনত আকস্মিকভাৱে দাসৰ পৰলোকপ্ৰাপ্তি ঘটাত ওদালগুৰিত শোকৰ ছাঁ পৰে। উল্লেখ্য যে দিনেশ চন্দ্ৰ দাসে চাকৰি সূত্ৰে বৰপেটা জিলাৰ ঈশ্বপৰ হাতীৰ পৰা ১৯৭৪ চনৰ ২৬ জুনত আহি শংকৰদেৱ মিচন মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী হিন্দী শিক্ষক হিচাপে চাকৰিত যোগদান কৰিছিল।
অৱশ্যে পিছলৈ তেওঁ শংকৰদেৱ মিচন হাইস্কুলৰ প্ৰধান শিক্ষক পদলৈ উন্নত হৈ চাকৰি জীৱনৰ সুদীৰ্ঘ কাল সুখ্যাতিৰে অতিক্ৰম কৰি ২০১৫ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ বিজ্ঞানৰ ছাত্ৰ হিচাপে বি এচ চিত অৱতীৰ্ণ হৈছিল কিন্তু চাকৰিৰ বাবে শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰি পিছত পুনৰ কলা শাখাত শিক্ষা গ্ৰহণ কৰি এম এ,বি বিড সফলতাৰে উত্তীৰ্ণ হৈছিল।
তেওঁৰ চাকৰি জীৱন কালত নিয়মানুৱৰ্তীতাৰে বিদ্যালয়খন অনুশাসনৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল। বিদ্যালয়খনৰ উন্নয়নৰ কামত মনোনিবেশ কৰি সময় অতিবাহিত কৰিছিল। বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণৰ পিছতে ওদালগুৰিৰ বিভিন্ন সামাজিক কামত জড়িত হৈ সেৱা আগবঢ়াইছিল তেওঁ।
তেখেতে ১৯৮৩, ১৯৮৯ আৰু ১৯৯০ চনত ওদালগুৰি সাহিত্য সভাৰ সম্পাদক হোৱাৰ উপৰিও ২০০৭-২০০৯ বৰ্ষত ওদালগুৰি সাহিত্য সভাৰ পদ অলংকৃত কৰিছিল। এগৰাকী সামাজিক দায়িত্বশীল ব্যক্তি হিচাপে সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি, ওদালগুৰি জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ সত্ৰ পৰিচালনা সমিতিৰ কেইবাবছৰো সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰিছিল।
অসম সাহিত্য সভাৰ আজীৱন সদস্য পদো গ্ৰহণ কৰিছিল তেওঁ। এগৰাকী লেখক হিচাপে জিলাখনৰ পৰা প্ৰকাশিত বিভিন্ন আলোচনী, স্মৃতিগ্ৰন্থ আদিত তেওঁৰ লেখা প্ৰকাশ পাইছিল। ওদালগুৰিৰ পৰা প্ৰকাশিত কেইবাখনো স্মৃতিগ্ৰন্থ সম্পাদনা কৰাৰ লগতে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব নিয়াৰিকৈ সম্পন্ন কৰিছিল।
সমাজৰ হকে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ বাবেই সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলন, শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ সমিতি, ওদালগুৰি জিলা সাহিত্য সভা, ওদালগুৰি শতদল সাহিত্য সভা, বাসুদেৱ দাস ন্যাস সমিতি, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সময়ে সময়ে সম্বৰ্দ্ধনা জনাই আহিছে। ইয়াৰ উপৰিও অসম লেখিকা সংস্থা, অসমৰ নিৰ্দেশ মৰ্মে ওদালগুৰি লেখিকা সংস্থাই যোৱা ৮ নৱেম্বৰত তেওঁৰ বাসভৱনলৈ গৈ অসমীয়া ভাষাই দ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ বাবে ফুলাম গামোছা, এটি স্মাৰক আৰু এটি গ্ৰন্থৰ টোপোলাৰে সম্বৰ্দ্ধনা জনাইছিল।
মৃদু, অল্পভাষী, চিন্তাশীল দিনেশ চন্দ্ৰ দাসৰ মৃত্যুত শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়, ওদালগুৰি সাহিত্য সভা, ওদালগুৰি জিলা সাহিত্য সভা, সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলন, ওদালগুৰি জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি প্ৰেছ ক্লাব, ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘ, ওদালগুৰি জিলা জ্যেষ্ঠ নাগৰিক সন্থা, ওদালগুৰি জিলা লেখিকা সমাজ, ওদালগুৰি শাখা লেখিকা সংস্থা, বাসুদেৱ দাস ন্যাস সমিতি, ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ, ওদালগুৰি জিলা কবি সমাজকে ধৰি অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।
লগতে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়। তেওঁ মৃত্যুৰ সময়ত পত্নীৰ লগতে একমাত্ৰ জীয়াৰী, জোঁৱাই আৰু দুটি নাতি-নাতিনীক এৰি থৈ যায়।