প্ৰত্যক্ষ কৰ সংগ্ৰহৰ লক্ষ্য ২২.০৭ লাখ কোটি টকা অতিক্ৰম কৰাৰ দিশত...

চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰত্যক্ষ কৰ সংগ্ৰহৰ ক্ষেত্ৰত নিৰ্ধাৰিত ২২.০৭ ট্ৰিলিয়ন অতিক্ৰম কৰিব। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ অধ্যক্ষ ৰবি আগৰৱালাই সদৰী কৰিছে এই তথ্য।

author-image
Asomiya Pratidin
New Update
tax

ডিজিটেল ডেস্ক : চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰত্যক্ষ কৰ সংগ্ৰহৰ ক্ষেত্ৰত নিৰ্ধাৰিত ২২.০৭ ট্ৰিলিয়ন অতিক্ৰম কৰিব। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ অধ্যক্ষ ৰবি আগৰৱালাই সদৰী কৰিছে এই তথ্য। আগৰৱালাই লগতে কয়- যিসকল কৰদাতাই তেওঁলোকৰ বিদেশী আয় আৰু সম্পত্তিৰ তথ্য এতিয়াও সদৰী কৰা নাই, তেওঁলোকে এই বছৰৰ ৩১ ডিচেম্বৰৰ ভিতৰত সেইবোৰ সদৰী কৰি ইয়াৰ কৰ পৰিশোধ কৰিব পাৰিব।

কৰ বিভাগে ইতিমধ্যে বিদেশী আয় আৰু সম্পত্তি লুকুৱাই ৰখা লোকসকললৈ এছ এম এছ আৰু ই-মেইল প্ৰেৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইণ্ডিয়া ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰত কৰদাতা লাউন্স উদ্বোধন কৰি ৰবি আগৰৱালাই জানিবলৈ দিয়ে যে আয়কৰ আইনখনৰ ভাষা সহজ আৰু বুজিব পৰাকৈ পৰ্যালোচনা কৰিবলৈ ৬ হাজাৰৰো অধিক পৰামৰ্শ তেওঁলোকে লাভ কৰিছে।

সাংবাদিকৰ আগত আগৰৱালাই কয়-  কৰ সংগ্ৰহৰ বাবে বাজেটত যি লক্ষ্য লোৱা হৈছিল, সেয়া অতিক্ৰম কৰিব। তেওঁ লগতে কৰ্পাৰেট আৰু নন কৰ্পাৰেটৰ কৰ বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে। ১ এপ্ৰিলৰ পৰা ১০ নবেম্বৰৰ ভিতৰত নিকা প্ৰত্যক্ষ কৰ সংগ্ৰহ ১৫.৪ শতাংশ বৃদ্ধি পাইছে। এই কৰৰ পৰিমাণ হৈছেগৈ ১২.১১ ট্ৰিলিয়ন টকা।
ইয়াৰ ভিতৰত ৫.১০ ট্ৰিলিয়ন কোৰ্পৰেট কৰ আৰু ৬.৬২ ট্ৰিলিয়ন নন কোৰ্পৰেট কৰ।

আয়কৰ বিভাগ