ইটাৰভিঠা গাঁৱৰ অংগনবাদী কেন্দ্ৰত ম্যাদ উকলি যোৱা শিশু খাদ্য বিতৰণ

ইটাৰভিঠা গাঁৱৰ অংগনবাদী কেন্দ্ৰত ম্যাদ উকলি যোৱা শিশু খাদ্য বিতৰণ

author-image
Asomiya Pratidin
New Update
ইটাৰভিঠা গাঁৱৰ অংগনবাদী কেন্দ্ৰত ম্যাদ উকলি যোৱা শিশু খাদ্য বিতৰণ

ডিজিটেল সংবাদ, বৰপেটা : বৰপেটা জিলাৰ অন্তৰ্গত হাউলী- ভৱানীপুৰ শিশু উন্নয়ন প্ৰকল্পৰ এটা অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে আজৱ ঘটনা। ইটাৰভিঠা এলেকাৰ অংগনবাড়ী কেন্দ্ৰটোত সংঘটিত ঘটনা পোহৰলৈ অহাৰ পাছতে সচেতন লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পোহৰলৈ অহা খবৰ অনুসৰি উক্ত অংগনবাড়ী কেন্দ্ৰটোৰ শিশুসকলৰ বাবে খাদ্য যোগান ধৰা হৈছিল। সেই অনুসৰি প্ৰায় ৫ দিন পূৰ্বে শিশুসকলৰ বাবে অবা খাদ্যসমূহ বিতৰণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথা এই যে শিশুৰ বাবে যোগান ধৰা খাদ্যসমূহৰ ম্যাদ কেতিয়াবাই উকলি গৈছে।

এই কথা সচেতন ৰাইজে আৰু শিশুসকলৰ অভিভাৱকে গম পোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই ঘটনাকলৈ একাংশই সমাজ কল্যাণ বিভাগক জগৰীয়া কৰিছে। ইফালে অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে ম্যাদ যোৱা শিশু খাগ্য বিতৰণ কৰা বিষয়টো ভৱানীপুৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াগৰাকীয়ে কি ধৰণে লয় অথবা কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যনীয় হ’ব।

Also Read: লামডিং মহাবিদ্যালয়ত ভিন্ন সমস্যাৰ বুজ ল'লে মন্ত্ৰী ৰণোজ পেগুৱে...

Anganwadi