পাটাছাৰকুছি শাখা সাহিত্য সভাত 'ধ্ৰুপদী ভাষা অসমীয়া' বিষয়ক আলোচনা সত্ৰ সম্পন্ন

পাটাছাৰকুছি শাখা সাহিত্য সভাত 'ধ্ৰুপদী ভাষা অসমীয়া' বিষয়ক আলোচনা সত্ৰ সম্পন্ন

author-image
Asomiya Pratidin
New Update
পাটাছাৰকুছি শাখা সাহিত্য সভাত 'ধ্ৰুপদী ভাষা অসমীয়া' বিষয়ক আলোচনা সত্ৰ সম্পন্ন

ডিজিটেল সংবাদ, পাটাছাৰকুছি : “আজিকালি ঘৰবোৰ শিল, বালি, চিমেণ্ট আৰু ইটাৰে মজবুতকৈ সজা । তাতে মাৰ্বল , টাইলচ্ আদিৰে মজাইক খটুৱাই চালে চকুৰোৱা কৰি লয় ঘৰবোৰ । আগৰ দিনত বাঁহ , খেৰ , ইকৰাৰে ঘৰবোৰ সাজিছিল ।

গোবৰ-মাটিৰে লিপা ঘৰবোৰত আজিৰ দৰে ৰঙৰ চিকমিকনি নাছিল । কিন্তু তেতিয়াৰ ঘৰবোৰত মানুহ আছিল যিবোৰ মানুহৰ উপস্থিতিয়ে ঘৰবোৰ সুন্দৰ কৰি তুলিছিল। প্ৰকৃত ৰূপত ঘৰবোৰৰ সৌন্দৰ্য সকলোৱে অনুভৱ কৰিছিল আৰু সেই সৌন্দৰ্যই মানুহক পবিত্ৰ আৰু উদাৰ কৰিছিল । অথচ আজিকালিৰ ঘৰবোৰত মানুহৰ অভাৱ । প্ৰকৃত সৌন্দৰ্যৰে ভৰপূৰ ঘৰ এখনত যেন মানুহ নাই ।“

শনিবাৰে পাটাছাৰকুছি শাখা সাহিত্য সভাৰ গ্ৰন্থৰ দিনত শিক্ষাবিদ ড০ কৌশিক কুমাৰ ডেকাই এই মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কামপীঠ জুনিয়ৰ কলেজৰ অধ্যক্ষ হৰ্ষমোহন শৰ্মাৰ 'ঘৰ' গ্ৰন্থখন উন্মোচন কৰে শিক্ষাবিদ তথা নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই ।

আনহাতে উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি 'ধ্ৰুপদী ভাষা অসমীয়া' বিষয়ক এখনি আলোচনা সত্ৰও সম্পন্ন কৰা হয়। পাটাছাৰকুছিৰ বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত আলোচনা সত্ৰত উপস্থিত থাকে অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী, হিতেশ চন্দ্ৰ গোস্বামী , ভবেশ গোস্বামী আৰু ৰাধামোহন গোস্বামীকে ধৰি কেবাগৰাকীও হিতৈষী আৰু আজীৱন সভ্য।

আলোচনা সত্ৰত পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ সভাপতি দিলীপ কুমাৰ ৰয়ে সভাপতিত্ব কৰে। আলোচক হিচাপে অধ্যাপিকা মৌচুমী দত্তই ধ্ৰুপদী ভাষাৰ ইতিহাস , স্বীকৃতিৰ বাবে প্ৰয়োজনীয় চৰ্ত , ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে আমাক কি দিশেৰে লাভান্বিত কৰিব ইত্যাদি বিষয়ে খৰচি মাৰি আলোচনা কৰে ।

আন এগৰাকী আলোচক তথা কামপীঠ জুনিয়ৰ কলেজৰ অধ্যক্ষ হৰ্ষমোহন শৰ্মাই ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ পিছত আমাৰ কৰণীয় কি সেই বিষয়ে এক ফলপ্ৰসু আলোচনা আগবঢ়ায় । সভাপতি দিলীপ কুমাৰ ৰয়ে সভাপতিৰ আসনৰ পৰা সামৰণিত অসমীয়া ভাষাৰ প্ৰাচীনত্ব , অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশৰ গতিধাৰা আৰু অসমীয়া আদি সম্পৰ্কে চমু ভাষণ প্ৰদান কৰে।

লগতে তেঁও অসমীয়া ভাষা কোন ভাষাগোষ্ঠী পৰিয়ালৰ মাজেৰে আহি বঙালী , উড়িয়া , ভোজপুৰী আৰু মৈথিলী ভাষাৰ লেখিয়াকৈ কেনেকৈ স্বতন্ত্ৰ ভাষা হিচাপে ডেৰ হাজাৰৰো অধিক  কাল আগৰে পৰা ভাৰতবৰ্ষৰ ১২২ টা ব্যাপক চৰ্চিত ভাষাৰ ভিতৰত এটি স্থায়ী ভাষাৰূপে আজিলৈকে চলি আছে আৰু যুগ-যুগান্তৰ পিছতো নজহা-নপমাকৈ চলি থাকিব সেই বিষয়ে চমুকৈ কয় । উক্ত সভাত সভাৰ উদ্দেশ্য আৰু শলাগৰ আগবঢ়াই ভাৰপ্ৰাপ্ত সম্পাদক কিশোৰ শৰ্মাই ।

উল্লেখ্য যে যোৱাবেলিৰ পৰা পাটাছাৰকুছি শাখা সাহিত্য  সভাই ২ নৱেম্বৰৰ দিনটো ড০ নগেন শইকীয়াৰ আহ্বানত গ্ৰন্থৰ দিন হিচাপে পালন কৰি আহিছে । পাটাছাৰকুছি শাখা সাহিত্য  সভাই ২০১৯ চনত উদযাপন কৰা সোণালী জয়ন্তীৰ দুই নৱেম্বৰত সত্তৰখন গ্ৰন্থ প্ৰকাশিত কৰিছিল আৰু একেখন মঞ্চত একেলগে ড° নগেন শইকীয়াক মুখ্য উন্মোচক হিচাপে ৰাখি উন্মোচন কৰাইছিল । 

Also Read: নগাঁৱত এছ বি আইৰ ভিজিলেন্স সজাগতা সপ্তাহ

পাটাছাৰকুছি