ডিজিটেল সংবাদ ঢকুৱাখনাঃ শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰৱান মিছনৰ অধীনত ঢকুৱাখনাত দৰিদ্ৰ হিতাধিকাৰীক কৰা নিৰ্মম প্ৰতাৰণাৰ এক কৰুণ পৰিণতি মঙ্গলবাৰৰ পৰা আৰম্ভ হৈছে । চৰকাৰী আঁচনি মানেই ঠিকাদাৰৰ লুটি পুতি খোৱাৰ এক ঘৃন্য মানসিকতাৰ বাবেই ঢকুৱাখনাত অথন্তৰ ঘটিল এইখন গ্ৰাম্য অৰ্থনীতি সবলিকৰণ আঁচনিৰ ।
আঁচনিখনৰ অধীনত ঢকুৱাখনা মাতমৰা সংমণ্ডলত দৰিদ্ৰ হিতাধিকাৰীসকলক ধেমাজিৰ মহেঙিয়া উপাধিৰ এজন অবিবেচকী ঠিকাদাৰে যোৱা ৩ ডিচেম্বৰত বিতৰণ কৰিছিল ভয়াবহ "ছোৱাইন ফেভাৰ"ত ৰোগাক্ৰান্ত গাহৰি পোৱালি। কোনো ধৰণৰ স্বাস্থ্য বিধি নমনাকৈ ঢকুৱাখনাত বিতৰণ কৰা এই গাহৰি পোৱালিসমূহৰ ৯ টাৰ ইতিমধ্যে মৃত্যু ঘটিছে।
ইয়াৰ পাছতে উন্মোচিত তথ্যৰ ভিত্তিত ঢকুৱাখনা মহকুমা কাৰ্যবাহী দণ্ডাধীশ অৰিন্দম বৰুৱাই জাৰি কৰা সতৰ্কতামূলক পদক্ষেপ হিচাবে মঙ্গলবাৰে সংক্ৰমিত এলেকাৰ ৰোগাক্ৰান্ত এনেবোৰ গাহৰি নিধন অভিযান চলাই লখিমপুৰ জিলা আৰু ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসা বিভাগে।
লখিমপুৰ জিলা পশু পালন আৰু পশু চিকিৎসা বিষয়া ডাঃ চত্ৰপতি গয়াৰী, লখিমপুৰ ৰিজাৰ্ভৰ ডাঃ চন্দন গগৈ, ঢকুৱাখনাৰ পশু চিকিৎসক ডাঃ ৰূপম গগৈ, চিকিৎসা কৰ্মী পার্থ দত্ত আদিৰ নেতৃত্বত যোৱা এটা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলে খামন লাগাচু,ৰূপতলী, বৰ খামন আদি গাঁও এলেকাৰ মুঠ ১৮ টা ৰুৱান আঁচনিৰ জৰিয়তে প্ৰদান কৰা গাহৰি নিধন কৰে।
ঢকুৱাখনা মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ অভিজাত বৰুৱা আৰু ঢকুৱাখনা আৰক্ষীৰ উপস্থিতিত চলা এই চৰকাৰী আঁচনিৰ ৰোগীয়া গাহৰি নিধন যজ্ঞৰ গাহৰিসমূহ আনি একেলগে বিধিগত আৰু বিজ্ঞানসন্মত প্ৰক্রিয়াৰে চিকিৎসকৰ দলটোৱে দণ্ডাধীশৰ উপস্থিতিত সমাধিস্থ কৰে । চৰকাৰী পুঁজিৰ অপচয়ৰ নগ্ন নমুনা গঞা ৰাইজে প্ৰত্যক্ষ কৰি এই মাৰাত্মক ৰোগে অন্য পোহনীয়া গাহৰিকো আক্ৰান্ত কৰাৰ আশংকা প্ৰকাশ কৰি ৪ টা নিজা পোহনীয়া গাহৰি চিকিৎসকক গতাই দিয়ে মাৰিবলৈ ।
আঁচনিৰ নামত গঞা দৰিদ্ৰৰ মূৰত মাধমাৰ সোধোৱা ঠিকাদাৰক তদন্ত কৰি উচিত শাস্তি দিয়াৰ দাবী জনাই দুৰ্ভগীয়া ৰাইজে শীঘ্ৰে গাহৰিক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। উল্লেখ্য যে, এই আঁচনিৰ আধাৰত বহু সংখ্যক গাহৰি পোৱালি বিতৰণ কৰা হৈছিল যদিও ৰোগত আক্ৰান্ত এনেবোৰ গাহৰি বিচাৰি উলিওৱাত ব্যৰ্থ হ'ল অভিযানকাৰী দলটো।
বহু সংখ্যক হিতাধিকাৰীয়ে এনে ৰোগীয়া গাহৰি লুকুৱাই ৰখাৰো সম্ভাৱনীয়তা প্ৰকাশ কৰা হৈছে। চৰকাৰী আঁচনিৰ গাহৰি বিতৰণৰ পাছতে এনেকৈ বিচাৰি বিচাৰি মাৰিব লগীয়া হোৱা মৰ্মান্তিক কাণ্ডই বাস্তৱিকতে দৰিদ্ৰ গঞাক উপকৃতকৰণৰ নামত কি ভয়ংকৰ লুটপাত চলিছে তাৰেই জলন্ত দৃষ্টান্ত দাঙি ধৰিলে ঢকুৱাখনাত।
দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ নেতা গৌৰৱ জ্যোতি বৰুৱাই ৰুৰৱান আঁচনিৰ নামত চলা এনে ভয়ংকৰ আৰু জনস্বাস্থ্য বিৰোধী কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি মুখ্যমন্ত্ৰী আৰু পশু পালন দপ্তৰৰ মন্ত্ৰী অতুল বৰাৰ তাৎক্ষণিক হস্তক্ষেপ দাবী জনাইছে।
ক্লিক কৰি পঢ়কঃ সমাজৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে শিক্ষাৰ্থীক কাম কৰিবলৈ আহ্বান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ...