দিছপুৰত মুখ্যমন্ত্ৰী, প্ৰমোদ বড়ো আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ বৈঠক...

দিছপুৰত মুখ্যমন্ত্ৰী, প্ৰমোদ বড়ো আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ বৈঠক...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিটিআৰ চুক্তিৰ MoSক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সঞ্চালনাত দিছপুৰৰ জনতা ভৱনত এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিশেষকৈ অসম চৰকাৰ, বিটিআৰ চৰকাৰ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ মাজত অনুষ্ঠিত হৈছিল । আজি নিশা অনুষ্ঠিত হোৱা এই বৈঠকত প্ৰধানকৈ তলত উল্লেখিত বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হয় ।

১| বিটিআৰত নতুনকৈ গাওঁ অন্তৰ্ভুক্ত কৰা।

২| প্ৰাক্তন এনডিএফবি সকলক  পূৰ্ণাঙ্গ  আৰ্থিক সাহাৰ্য্য।

৩| বিটিআৰ চুক্তিৰ ৫.৩ দফা অনুসৰি FRA  2006 ৰ জৰিয়তে শোনিতপুৰ আৰু বিশ্বনাথ জিলাত  বসবাস কৰা বড়ো সকলৰ ভূমিৰ সমস্যাবোৰ অতিশীঘ্ৰে সমাধান কৰা ।

৪| কাৰ্বি আংলং আৰু ডিমা হাচাওত বসবাস কৰা বড়ো সকলক  ST(H) মৰ্যদা প্ৰদান।

৫| বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বড়ো মাধ্যমৰ বিদ্যালয়বোৰ Provincialised কৰা ।

৬| বড়ো মাধ্যমৰ সুকীয়া সঞ্চালকালয়ক পূৰ্ণাঙ্গ নকৰাৰ ওপৰত।

৭| বিটিআৰৰ পৰা একাংশ বিষয়া আৰু কৰ্মচাৰী সকলক বদলি কৰা ।

৮| বিটিআৰত নতুনকৈ চাকৰিৰ পদ সৃষ্টি আৰু খালি হৈ থকা পদবোৰক পুৰণ কৰা ।

৯| বিটিআৰ চুক্তিৰ Aim and object অনুসৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন আৰম্ভ কৰি  anexure 1, 2, 3 and  4 অনুসৰি সকলো কাৰ্যকৰীকৰণ কৰা বিষয়বোৰে আলোচনাৰ মুল বিষয় আছিল।

উল্লেখ কৰা প্ৰয়োজন যে, এই বৈঠকত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা খুংখ্ৰা স্বৰ্গীয়াৰী, উপ সভাপতি খোৰোমদাও ওৱাৰী,  প্ৰধান সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ লগতে বিটিআৰ চৰকাৰৰ বহুকেইখন বিষয়াই অংশ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in