ঐতিহ্যমণ্ডিত শিৱসাগৰক নতুন ৰূপ দিব জিলা উপায়ুক্তই...

author-image
Asomiya Pratidin
New Update
ঐতিহ্যমণ্ডিত শিৱসাগৰক নতুন ৰূপ দিব জিলা উপায়ুক্তই...

shivsagar

ডিজিটেল সংবাদ শিৱসাগৰ: ৬০০ বছৰীয়া আহোম ৰাজ শাসনৰ এক স্বৰ্ণিল ঐতিহ্য বহন কৰি আহিছে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাখনে। শিৱসাগৰ জিলাখনত বৰ্তমানেও আহোম স্বৰ্গদেওসকলে স্থাপন কৰি যোৱা ৫৫৫ টা প্ৰাচীন কীৰ্তিচিহ্নই দেশ-বিদেশী পৰ্যটকক আকৰ্ষণ কৰি আহিছে।

তাপৰ্যপূৰ্ণ বিষয়টো হ’ল যে, যিদৰে শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহক প্ৰত্যক্ষ কৰিবলৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমণ প্ৰতি বছৰে হ’ব লাগিছিল বাস্তৱত আজিলৈকে তেনেদেৰ হোৱা নাই। এই ক্ষেত্ৰত পৰ্যটন বিভাগৰ লগতে জনপ্ৰতিনিধিৰ সদিচ্ছাৰ অভাৱ ।

শিৱসাগৰ জিলাখনক ৰাজ্যখনৰ মূল পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ আৰু ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই। শিৱসাগৰ জিলাত ৰাজ্যিক আৰু কেন্দ্ৰীয় পূৰাত্বত্ত বিভাগৰ অধীনস্থ কিছুমান কীৰ্তিচিহ্ন আছে।

এই কীৰ্তিচিহ্নসমূহক সংৰক্ষণৰ লগতে নকৈ সজাই তুলি পৰ্যটকক আকৰ্ষণ কৰি তুলিবলৈ প্ৰয়োজনীয় পুঁজিৰ অভাৱ । এই পুঁজিসমূহৰ অৱণ্টন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিব লাগে যদিও এই ক্ষেত্ৰত দুয়োখন চৰকাৰৰ অৱহেলা তথা প্ৰয়োজনীয় পুঁজিৰ আৱণ্টন নিদিয়াৰ বাবেই এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ অধিকাংশই ক্ৰমে জহি-খহি যাব ধৰিছে।

শিৱসাগৰক আইকনিক চাইট ৰূপে গঢ়াৰ কথা কেন্দ্ৰীয় চৰকাৰে যোৱা তিনিটা বছৰৰ পূৰ্বেই বাজেটত ঘোষণা কৰিছিল ৷ সেই মৰ্মে শিৱসাগৰে প্ৰাথমিক পৰ্যায়তে ৫০০ কোটি টকা লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও এই পৰ্যন্ত ১ টা টকাও শিৱসাগৰে লাভ কৰা নাই ৷

শেহতীয়াকৈ শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহক সংৰক্ষণ, শোভাবৰ্ধন, নকৈ আৱিস্কাৰ কৰি পৰ্যটকৰ সন্মুখত দাঙি ধৰিবৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। ইয়াৰ এক অংশ হিচাপে আজি শিৱসাগৰ নগৰৰ যুৱদলত আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী।

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত-ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে এখনি পৰ্যটন সন্মিলনৰ আয়োজন কৰা হয়। এই সন্মিলনত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে আয়োগৰ উপ-সভাপতি ৰমেন ডেকাই।

অনুষ্ঠানত ভাষণ প্ৰসঙ্গত ডেকাই বিৱৰ্ত্তনৰ মাজেৰে আহি একবিংশ শতিকাত পৰ্যটন উদ্যোগটোৱে মানৱ সমাজক জীয়াই থকাত অৱসাদ দূৰ কৰি এক বিশেষ মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে । তাৰোপৰি ডেকাই পেচাবৃত্তিক মনোভাৱেৰে আমাৰ কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰা অটুত ৰাখি সামূহিক সজাগতাৰ জৰিয়তে পৰ্যটন উদ্যোগটোক আৰু অধিক শক্তিশালী কৰিব পৰা যাব বুলি মন্তব্য কৰে ।

পৰ্যটন সন্মিলনৰ আদৰণি ভাষণ আগবঢ়াই শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে কয় যে, শিৱসাগৰ জিলাত পৰ্যটকসকলৰ সুবিধা হোৱাকৈ আন্তঃগাঁথনিৰ উন্নয়ন, কম খৰচত হোটেল আৰু ডৰ্মিটৰিৰ ব্যৱস্থা আৰু অনাময় ব্যৱস্থাৰ অতি প্ৰয়োজন ।

উপায়ুক্ত গৰাকীয়ে পৰ্যটন উদ্যোগটোৰ জৰিয়তে বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা সাজ-পাৰে এক বিশেষ চাহিদা আৰু বজাৰ লাভ কৰিব বুলি মত ব্যক্ত কৰে । সন্মিলনত অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে শিৱসাগৰৰ ঐতিহাসিক সমলসমূহক সামৰি এক তথ্য সমৃদ্ধ পি.পি.টি. উপস্থাপন কৰে । 

আজিৰ এই সন্মিলনত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, চি. এন. ট্ৰেভেলচৰ পৰিচালন সঞ্চালক চন্দন নাথ, সোনাপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ স্বপ্না মেধি, নীৰা শৰ্মা, ধীৰাজ বিকাশ গগৈ আদিকে ধৰি শিৱসাগৰৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । 

assam shivsagar