মানকাচৰৰ কালাপানী-বাউসকাটাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জিলা আৰক্ষীৰ অভিযান

মানকাচৰৰ কালাপানী-বাউসকাটাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অৱ্যাহত আছে জিলা আৰক্ষীৰ। আৰক্ষীয়ে এই অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ উপৰি দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়

author-image
Asomiya Pratidin
New Update
gd

ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰৰ কালাপানী-বাউসকাটাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অৱ্যাহত আছে জিলা আৰক্ষীৰ। আৰক্ষীয়ে এই অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ উপৰি দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ ভাষ্য অনুসৰি সৰবৰাহকাৰী দুটাক মনোৱাৰ সেখ আৰু মিন্নাছ আলী বুলি চিনাক্ত কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাৱ দাসৰ নেতৃত্বত মানকাচৰ আৰু কালাপানী আৰক্ষীয়ে চলাইছিল অভিযান। বিগত ১৫ দিনৰ ভিতৰত জিলা আৰক্ষীয়ে কেবাটাও স্থানত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ কেবাটাও সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

mankachar Assam police