চামছুল আলম ভূঞালৈ জিলা কৃতী শিক্ষক বঁটা

চামছুল আলম ভূঞালৈ জিলা কৃতী শিক্ষক বঁটা

author-image
Asomiya Pratidin
New Update
চামছুল আলম ভূঞালৈ জিলা কৃতী শিক্ষক বঁটা

ডিজিটেল সংবাদ, গুৱাহাটী: ৬৩ সংখ্যক শিক্ষক দিৱসত কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীস্থিত জে. এম. এছ. মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক এম চামছুল আলম ভূঞালৈ জিলা কৃতী শিক্ষক বঁটাৰে‌ সন্মানিত কৰে। যোৱা ৫ ছেপ্টেম্বৰত আমিনগাঁওস্থিত ‌সংহত জিলা কাৰ্যালয়ত জিলা আয়ুক্ত ৰ্কীতি জল্লী, জিলা প্ৰাথমিক শিক্ষা বিষয়া তপন কুমাৰ কলিতা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শিক্ষক ভূঞাই এই সন্মান গ্ৰহণ কৰে।

ভূঞা এগৰাকী কৃতী শিক্ষক হোৱাৰ লগতে এগৰাকী সু-সাহিত্যিক। তেওঁলৈ এই সন্মান লাভ কৰাত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ 'বহুবাক'ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য ড০ গণেশ্বৰ চহৰীয়া, জাতীয় বিদ্যালয়, জাৰপাৰাৰ অধ্যক্ষ দৰবেশ আলী, সোণতলী সাহিত্য সভাৰ সম্পাদক ছিকেণ্ডৰ আলী আহমেদ আদিয়ে অভিনন্দন জনায়।

guwahati