ডিজিটেল সংবাদ, শিলচৰ: বাৰ্মিজ চুপাৰী,ইউৰিয়া সাৰ আৰু বাৰ্মিজ চিগাৰেটৰ পিছত কাছাৰত এইবাৰ কুকুৰৰ চোৰাং ব্যৱসায় ৷ শিলচৰৰ পৰা গোপনে মিজোৰামলৈ সৰবৰাহ কৰাৰ সময়ত বৃহস্পতিবাৰে নিশা ধলাই আৰক্ষীয়ে জব্দ কৰে এখন কুকুৰ ভৰ্তি বলেৰো বাহন ৷
ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত MZ05-7829 নম্বৰৰ বলেৰো খনত তালাচী চলাই জব্দ কৰা হয় ১৬ টাকৈ চোৰাং কুকুৰ ৷ অবৈধ ভাৱে কুকুৰ সৰবৰাহ কৰাৰ অভিযোগত দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷
ধৃত লোক দুজন মিজোৰামৰ ভাইৰেংটিৰ আলফ্ৰেড মাৰ আৰু লালছানহিমা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ এই সংক্ৰান্তত এটি গোচৰ ৰুজু কৰি ধলাই থানাত জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে ।