এদিনতে ৫.০৫ লাখ বিমান যাত্ৰী কঢ়িয়াই ঘৰুৱা বিমান সেৱাই ৰচিলে অভিলেখ...

ভাৰতীয় ঘৰুৱা বিমানত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যাই এক নতুন মাইলৰ খুঁটি স্থাপন কৰিলে।এদিনতে ঘৰুৱা বিমানত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যাই প্ৰথমবাৰৰ বাবে ৫ লাখৰ সীমা অতিক্ৰম কৰিলে...

author-image
Asomiya Pratidin
New Update
air

ডিজিটেল ডেস্ক : ভাৰতীয় ঘৰুৱা বিমানত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যাই এক নতুন মাইলৰ খুঁটি স্থাপন কৰিলে। এদিনতে ঘৰুৱা বিমানত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যাই প্ৰথমবাৰৰ বাবে ৫ লাখৰ সীমা অতিক্ৰম কৰিলে। উৎসৱ, বিবাহ আদি অনুষ্ঠানৰ বাবে বিমান যাত্ৰাৰ এই চাহিদা বৃদ্ধি হোৱা বুলি অনুমান কৰা হৈছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰাণালয়ৰ তথ্য অনুসৰি দেওবাৰে অৰ্থাৎ ১৭ নৱেম্বৰ ২০২৪ত দেশৰ বিভিন্ন বিমান সংস্থাৰ অন্তৰ্গত বিমানসমূহে ৫,০৫,৪১২জন যাত্ৰীক কঢ়িয়াই নিবলৈ সক্ষম হয়। কোনোবা এটা দিনত সৰ্বাধিক বিমান যাত্ৰী কঢ়িয়াই নিয়া এয়া এটা নতুন অভিলেখ।

উল্লেখযোগ্য যে সেই দিনটোত মুঠ বিমানৰ যাত্ৰাৰ সংখ্যা আছিল ৩,১৭৩টা। ঘৰুৱা বিমানৰ যাত্ৰীৰ সংখ্যা এইদৰে বৃদ্ধি পোৱা খবৰে দেশৰ বিমান পৰিবহণ খণ্ডৰ বাবে এক আশাব্যঞ্জক খবৰ।

বিমান পৰিবহন