প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ‘ডমিনিকা এৱাৰ্ড ফৰ অনাৰ' সন্মান

এই সন্মান কেৱল মোৰেই নহয়, এই সন্মান ১৪০ কোটি ভাৰতীয়ৰ সন্মান। এই সন্মানৰ প্ৰতি মই মোৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ। ইয়াৰ জৰিয়তে ভাৰত আৰু দেশখনৰ সম্পৰ্ক অতি গাঢ় হ’ব...

author-image
Asomiya Pratidin
New Update
modi

ডিজিটেল ডেস্ক : ডমিনিকাৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বুধবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডমিনিকাৰ ৰাষ্ট্ৰপতি ছিলভানি বাৰ্টনে প্ৰধানমন্ত্ৰী মোডীক ‘ডমিনিকা এৱাৰ্ড ফৰ অনাৰ' সন্মানেৰে সন্মানিত কৰে।

কোভিডকালীন সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰিবিয়ান ৰাষ্ট্ৰলৈ আগবঢ়োৱা সহায়- সহযোগিতাৰ বাবে ডমিনিকাৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত হ'ব বুলি আশা ব্যক্ত কৰে ৰাষ্ট্ৰপতি বাৰ্টনে। 

সন্মান প্ৰদানৰ প্ৰসংগত ৰাষ্ট্ৰপতি ছিলভানি বাৰ্টনে কয়- কোভিডৰ সময়ত ভাৰতে দ্বীপৰাষ্ট্ৰখনক ৭০ হাজাৰ ডোজ কোভিড ভেকচিন যোগান ধৰিছিল। মোডীৰ এনে পদক্ষেপৰ বাবে আজি ডমিনিকাই উদাৰ মনেৰে এই সন্মানক উপহাৰ হিচাপে প্ৰদান কৰিছে। মোডীক এই সন্মানেৰে বিভূষিত কৰি পৰম সন্তুষ্টি লাভ কৰা বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মত ব্যক্ত কৰে। 

এই সন্মন সাদৰেৰে গ্ৰহণ কৰি মোডীয়ে কয়- এই সন্মান কেৱল মোৰেই নহয়, এই সন্মান ১৪০ কোটি ভাৰতীয়ৰ সন্মান। এই সন্মানৰ প্ৰতি মই মোৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ। ইয়াৰ জৰিয়তে ভাৰত আৰু এই দেশখনৰ সম্পৰ্ক অতি গাঢ় হ’ব।

ইফালে এই সন্মান প্ৰদান কৰাৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে নৰেন্দ্ৰ মোডীৰ সন্মানৰ্থে আয়োজন কৰে এক নৈশ ভোজৰ।

narendra modi