ড’নাল্ড ট্ৰাম্পলৈ গুলীঃ কোনে, কিয় কৰিছিল এই আক্ৰমণ...

ড’নাল্ড ট্ৰাম্পলৈ গুলীঃ কোনে, কিয় কৰিছিল এই আক্ৰমণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ কথমপি প্ৰাণ ৰক্ষা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ।পেনচিলভেনিয়াত এখন নিৰ্বাচনী সভাত আমেৰিকান সময় অনুসৰি শনিবাৰে ট্ৰাম্পলৈ লক্ষ্য কৰি দুৰ্বৃত্তই কৰে গুলীচালনা। এই গুলীচালনাত ট্ৰাম্পৰ সোঁ কাণত গুলী লাগে আৰু তেওঁ মঞ্চতে বাগৰি পৰে।

উল্লেখ কৰা প্ৰয়োজন যে,  নৱেম্বৰ মাহত ট্ৰাম্প আৰু ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত হ’বলগীয়া নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পূৰ্বে ইতিমধ্যে অশান্তি আৰু ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। তাৰ মাজতে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত এই আক্ৰমণে পৰিস্থিতি আৰু অধিক উদ্বেগজনক কৰি তুলিছে।

আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সন্দেহযুক্ত গুলীচালনাকাৰীৰ মৃত্যু নিশ্চিত কৰা হৈছে, আৰু লগতে এজন পথচাৰীৰ মৃত্যুও হৈছে। ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰিছে যে “বাটলাৰ কাউন্টিৰ জিলা এটৰ্নী ৰিচাৰ্ড গোল্ডিংগাৰে কয় যে গুলীচালনা কৰাজনকে ধৰি দুজন লোকৰ মৃত্যু হৈছে।”

ইফালে ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সন্দেহযুক্ত হত্যাৰ চেষ্টাক “সকলোৱে গৰিহণা দিয়া উচিত”। প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই এই আক্ৰমণক গৰিহণা দিয়ে। এক্সত দিয়া পোষ্টটোত তেওঁ কয় যে, “আমাৰ গণতন্ত্ৰত কোনো ৰাজনৈতিক হিংসাৰ স্থান একেবাৰেই নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in