ডিজিটেল সংবাদ শিৱসাগৰ: শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ত শিৱসাগৰ কলেজ, জয়সাগৰৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী মনিকা শইকীয়া আৰু গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী (১৯৯৫-১৯৯৮) তথা খোৱাং শেনছোৱা পুখুৰী নাজিৰাপৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক প্ৰয়াত আৰবিন্দ দিহিঙীয়াৰ পৰিয়ালৰ দ্বাৰা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাললৈ গ্ৰন্থসম্ভাৰ দান উপলক্ষ্যে এটি গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা লেখক ড০ সব্যসাচী মহন্তই মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ গ্ৰন্থ আগবঢ়োৱাৰ দৰে মহৎ পদক্ষেপৰ বাবে মনিকা শইকীয়া আৰু প্ৰয়াত অৰবিন্দ দিহিঙীয়াৰ পৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
ড° মহন্তই তেওঁৰ ভাষণত ডিজিটেলাইজড সংস্কৰণৰ প্ৰাদুৰ্ভাৱৰ মাজতো ছপা গ্ৰন্থৰ গুৰুত্ব কেতিয়াও হ্ৰাস নোহোৱাৰ বিষয়ত আলোকপাত কৰে। তেওঁ কয় যে বিভিন্ন সময়ত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, বিশিষ্ট শিক্ষাবিদ আদিকে ধৰি শুভাকাংক্ষীসকলৰ উদাৰ সহযোগিতাত মহাবিদ্যালয়ৰ পুথিভঁৰালটো ক্ৰমান্বয়ে অধিক সমৃদ্ধ হৈ উঠিছে। মহাবিদ্যালয়ৰ পুথিভঁৰালটোৰ উন্নীতকৰণৰ বাবে গ্ৰন্থাগাৰিক ড০ পংকজ কুমাৰ নাথৰ নিৰন্তৰ প্ৰচেষ্টাক শলাগ লয়।
শিৱসাগৰ কলেজ, জয়সাগৰৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী মনিকা শইকীয়াই গ্ৰন্থ সংগ্ৰহৰ প্ৰতি থকা প্ৰৱণতা আৰু নাৰীৰ অধিকাৰৰ বাবে যুঁজ দিয়া এগৰাকী সমাজকৰ্মী হিচাপে তেওঁৰ যাত্ৰাৰ বিষয়ে কয়। দুৰ্বল শ্ৰেণী বিশেষকৈ মহিলা আৰু শিশুৰ বিৰুদ্ধে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ উপস্থিত সকলোকে আহ্বান জনায়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই মহাবিদ্যালয়খনক এক সাফল্যৰ যাত্ৰাৰ দিশত আগবঢ়াই নিয়াৰ প্ৰচেষ্টাক তেওঁ শলাগ লয়।
প্ৰয়াত অৰবিন্দ দিহিঙীয়াৰ পত্নী তগৰবালা দিহিঙীয়াই তেওঁৰ ভাষণত এগৰাকী শিক্ষক, উৎসুক পাঠক, অনাতাঁৰ শিল্পী হিচাপে স্বামীৰ বিষয়ে সুঁৱৰি কয় যে তেখেতে যথেষ্ট পৰিমাণৰ কিতাপ সংগ্ৰহ কৰিছিল, যাৰ এটা অংশৰ লগতে কিছু সংখ্যক কিতাপ ক্ৰয় কৰি মহাবিদ্যালয়ৰ পুথিভঁৰাললৈ আগবঢ়াইছে। এই পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে অনুপ্ৰাণিত কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাধ্যাপক ড° কিশোৰ মোহন ভট্টাচাৰ্য্যইও ৱাটচএপযোগে শুভেচ্ছামূলক বাৰ্তা আগবঢ়ায়।
মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰিক ড০ পংকজ নাথে তেওঁৰ ভাষণত মনিকা শইকীয়া আৰু প্ৰয়াত অৰবিন্দ দিহিঙীয়াৰ পৰিয়ালক তেওঁলোকৰ উদাৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি উপহাৰ দিয়া গ্ৰন্থসমূহে নিশ্চিতভাৱে পুথিভঁৰালটো সমৃদ্ধ কৰিব বুলি মত আগবঢ়ায়। তেওঁ পুথিভঁৰালটোত উপলব্ধ বিভিন্ন সা-সুবিধাৰ বিষয়ে উপস্থিত সকলোকে অৱগত কৰে।
অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱযানী বকলীয়ালে আঁত ধৰা অনুষ্ঠানটোত ভূগোল বিভাগৰ মুৰব্বী ড০ দিলীপ কুমাৰ ডেকাই শৰাইৰ আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থসমূহৰ সঠিক ব্যৱহাৰ কৰিব বুলি আশা প্ৰকাশ কৰে। পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী দিগন্ত কোঁৱৰ, ইতিহাস বিভাগৰ মুৰব্বী ড° বলোৰাম দাস আদিৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটো শোভা বঢ়ায়।
Also Read: মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন