ড০ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ সম্পাদক শৈলেন কুমাৰ দাসৰ দেহাৱসান

ড০ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ সম্পাদক শৈলেন কুমাৰ দাসৰ দেহাৱসান
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: বাসুগাঁও ড০ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ সম্পাদক শৈলেন কুমাৰ দাসৰ বুধবাৰে পুৱতি নিশা ৪বজাত শেষ মাত্ৰ ৪৯ বছৰ বয়সত নিশ্বাস ত্যাগ কৰে। মধুমেহ ৰোগত আক্ৰান্ত হৈ শৈলেন কুমাৰ দাসৰ স্বাস্থ্য অৱস্থা বিগত দুটা বছৰত যথেষ্ট অৱনমিত হৈছিল আৰু ফলস্বৰূপ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল।

যোৱা ১৯ আগষ্ট তাৰিখে তেখেতৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনমিত হোৱাত পৰিয়ালৰ লোকে বঙাইগাঁও স্থিত লৱাৰ আসাম হস্পিটাল আৰু ৰিচাৰ্ছ চেণ্টাৰত ভৰ্তি কৰাইছিল । ইয়াৰ পিছতেই বুধবাৰে চিকিৎসাধীন অৱস্থাত দাসে শেষ নিশ্বাস ত্যাগ কৰে ।

১৯৭২ চনৰ ১২ নবেম্বৰত সত্ৰ নগৰী বৰপেটাৰ ভকতপাৰাত জন্মগ্ৰহণ কৰা শৈলেন কুমাৰ দাস পৰৱৰ্তী সময়ত বিবাহ আৰু ব্যৱসায় সূত্ৰে বাসুগাঁও চহৰত নিগাজীকৈ থাকিবলৈ লৈছিল।‌ সেই সূত্ৰে শৈলেন কুমাৰ দাস বাসুগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সতে জড়িত হৈ সামাজিক কাম-কাজ কৰিছিল।

আজি পুৱা তেখেতৰ নশ্বৰদেহ বঙাইগাঁৱৰ পৰা বাসুগাঁও চহৰৰ দুই নং ওৱাৰ্ড স্থিত নিজ বাসগৃহলৈ অনাৰ পিছত অসম‌ সাহিত্য সভা বাসুগাঁও শাখা, ড০ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতি, বাসুগাঁও শ্ৰীমন্ত শংকৰদেৱ নামঘৰ, মিলন সংঘ, অনুসূচিত জাতি পৰিষদৰ পৰা অমৃত নাৰায়ণ পাটগিৰি, উপেন ৰায়, দিলীপ কুমাৰ ৰায়, প্ৰনৱ কুমাৰ ৰায়, মুকুল দাস, প্ৰফুল্ল বিশ্বাস ইত্যাদি বিশিষ্ট লোকসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি শোঁকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনায়। ইয়াৰ অন্তত পৰম্পৰাগত ৰীতি-নীতিৰ মাধ্যমেৰে নিচিনাপাৰা ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । শৈলেন কুমাৰ দাসৰ চিতাত মুখাগ্নি কৰে তেখেতৰ একমাত্ৰ কন্যা দুতিস্মিতা দাসে ।

ড০ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ সম্পাদক শৈলেন কুমাৰ দাসৰ দেহাৱসান
অহংকাৰে পতনৰ মূল, এইখন চৰকাৰৰ অহংকাৰ হৈছে তাৰ বাবে পতন নিশ্চিত : গৌৰৱ গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in