চৰাইদেউত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

চৰাইদেউত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

author-image
Asomiya Pratidin
New Update
চৰাইদেউত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

ডিজিটেল সংবাদ,চৰাইদেউ : অহা ৫ নবেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। চৰাইদেউ প্ৰেছ ক্লাবৰ আৰু চৰাইদেউ কলা কেন্দ্ৰ, মাইবেলা শাখাৰ উদ্যোগত অনুষ্ঠিত হ’ব ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ অনুষ্ঠান।

এই উপলক্ষে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ , বন্তি প্ৰজ্বলনৰ লগতে সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী দ্বাৰা শিল্পীগৰাকীৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে' সমস্বৰে পৰিবেশন কৰিব ৷ ইয়াৰ পিছতেই ড° ভূপেন হাজৰিকাৰ সমাজ জীৱনৰ ওপৰত বক্তব্য অনুষ্ঠান অনুষ্ঠিত হ'ব।

সুধাকণ্ঠগৰাকীৰ মৃত্যু বাৰ্ষিকী সৈতে সংগতি ৰাখি গীত-মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হব ৷ উক্ত দিনা সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদক ক্ৰমে ধ্ৰৱজ্যোতি বৰুৱা, প্ৰণৱ বৰগোহাঁইয়ে ৷

Also Read: পাটাছাৰকুছিত সদৌ অসম প্ৰাগজ্যোতি একাংক নাট প্ৰতিযোগিতা

চৰাইদেউ ড° ভূপেন হাজৰিকা