দিগন্ত বিশ্ব শৰ্মাক ২০২২ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান...

অনুষ্ঠানত অংশগ্ৰহণ ৰাজহমন্ত্ৰী যোগেন মহন আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

author-image
Asomiya Pratidin
New Update
দিগন্ত বিশ্ব শৰ্মাক ২০২২ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান...

Dr Maidul islam borah award

ডিজিটেল সংবাদ, শিৱসাগৰঃ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক, অনুবাদক তথা সাহিত্য অকাডেমি অনুদিত বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাক । বৃহস্পতিবাৰে দিনৰ ১১ বজাত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাক ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২ আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।

উল্লেখযোগ্য যে অৰুণোদয় সাহিত্য সভা আৰু ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ঐতিহাসিক সম্পদ সজাগতা কেন্দ্ৰ, আভ্যন্তৰীণ মান নিৰূপন কোষ আৰু শিৱসাগৰ ৰংপুৰজ্যোতি ক্লাৱৰ সহযোগত বৰ অসমৰ প্ৰথম ডক্টৰেট, অসম সাহিত্য সভাৰ ১৯৪০ চনৰ সভাপতি তথা ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰতিবছৰে প্ৰদান কৰা হয় ।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে প্ৰৱল ইচ্ছা শক্তি, যোগাত্মক চিন্তাধাৰা আৰু অধ্যয়ন পিপাসু মনৰ দ্বাৰা নৱপ্ৰজন্মই সমাজক উন্নতিৰ দিশত আগুৱাই লৈ যাব পাৰে বুলি মন্তব্য কৰে ।

তাৰোপৰি মন্ত্ৰী মহনে সমাজৰ দায়বদ্ধ আৰু দায়িত্বশীল শ্ৰেণীটোৱে আমাৰ ওচৰ চুবুৰীয়া গাওঁ সমূহত ভ্ৰমণ কৰি তেওঁলোকৰ দৈনন্দিন অভাৱ- আভিযোগ অধ্যয়ন কৰি সমাধানৰ বাট প্ৰশস্ত কৰিব পাৰে বুলি মন্তব্য কৰে ।

দেশপ্ৰেম কোনো জাতি বা বৰ্ণত সীমাবদ্ধ নহয় । ইয়াৰ উৰ্দ্ধত থাকি আমি দেশ সেৱাৰ বাবে আগবাঢ়ি আহিব লাগিব মন্ত্ৰী মহনে ভাষণত উল্লেখ কৰে ।

অন্যহাতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বৰ্তমান সময়ত আমি অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল তথা অসমীয়া ভাষা সাহিত্যৰ চৰ্চা অত্যন্ত জৰুৰী হৈ পৰিছে বুলি উল্লেখ কৰে ।

অনুষ্ঠানত বঁটা গ্ৰহণ কৰি সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাই এই বঁটাৰ বাবে তেওঁৰ জীৱনত পিতৃ-মাতৃৰ অৱদানৰ কথা উল্লেখ কৰে আৰু সাহিত্যৰ বিভিন্ন দিশ আৰু চৰ্চাৰ ওপৰত এক তত্বগধুৰ বক্তব্য ৰাখে ।

অনুষ্ঠানত উপস্থিত থাকি শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে পৰাধীন ভাৰতবৰ্ষৰ এক কঠিন সময়ত ড০ ময়িদুল ইছলাম বড়াই সাহিত্য আৰু শৈক্ষিক দিশত যথেষ্ট সাফল্য আৰ্জন কৰিছিল বুলি মন্তব্য কৰে । বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰেম গগৈয়ে ।

মণিৰুল ইছলাম বড়াই আঁতধৰা বঁটা প্ৰদান অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্ত, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ ৰীতা বৰকটকী, শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথ, জিলা তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ প্ৰকাশ কটকী, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰৱক্তা প্ৰবীন শৰ্মা, সমাজকৰ্মী সুৰভী ৰাজকুমাৰী, বেণু শৰ্মা আদিকে ধৰি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যপিকা তথা ছাত্ৰীসকল উপস্থিত আছিল ।

award Diganta biswa sarma