সাহিত্য সভাত এতিয়া অসাহিত্যিকৰ দপদপনি চলিছে : ড০ নগেন শইকীয়া

সাহিত্য সভাত এতিয়া অসাহিত্যিকৰ দপদপনি চলিছে : ড০ নগেন শইকীয়া

author-image
Asomiya Pratidin
New Update
সাহিত্য সভাত এতিয়া অসাহিত্যিকৰ দপদপনি চলিছে : ড০ নগেন শইকীয়া

ডিজিটেল ডেস্ক : অসম সাহিত্য সভা সন্দৰ্ভত বহুদিনৰ পাছত মুখ খুলিছে প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই। সাহিত্য সভাৰ বৰ্তমানৰ পৰিস্থিতিকলৈ অসন্তুষ্টি ব্যক্ত কৰিলে সাহিত্যিকগৰাকীয়ে। তেঁও এৰি অহা সাহিত্য সভাৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত দেখা বৃহৎ তফাৎৰ বিষয়েও অৱগত কৰিলে প্ৰাক্তন সভাপতিগৰাকীয়ে।

সাহিত্যিক ড০ শইকীয়াই কয়- মই সাহিত্য সভা সম্পৰ্কে বহুদিন মাত মতা নাই। আৰু নেমাতো বুলিয়েই মই দৰাচলতে ভাবি আহিছোঁ। মই ঠিক আমাৰ যেতিয়া হোমেন বৰগোহাঞিক অপমান কৰিছিল তেতিয়াই নিয়মাৱলী সলনি কৰিলে লখিমপুৰত; তেতিয়াৰ পৰা সাহিত্য সভাৰ প্ৰতি মোৰ আগৰ ভাব, মোৰ যিটো শ্ৰদ্ধা গোটেই জীৱনটো মই দি আহিছো- সেই শ্ৰদ্ধা, সেই ভাব ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিলে।

তেঁও মুকলিকৈ মনৰ ক্ষোভ ব্যক্ত কৰি কয়- এতিয়া সাহিত্য সভাত কেৱল কোনো এটা বিষয়বাব লোৱাৰ যত্ন, অসাধু যত্ন বুলিও ক’ব পাৰি। আৰু বিভিন্ন প্ৰকাৰে সাহিত্য সভাত কিছু মুষ্টিমেয় মানুহৰ যিসকলে ক’ৰবাত দুই এটা লিখিলেও যাৰ নাম অসমীয়া সাহিত্যৰ বুৰঞ্জীত ক’তো পাবলৈ নাথাকিব। তেনেকুৱা মানুহৰ এইখন যুঁজৰ থলী হৈ উঠিছে অসম সাহিত্য সভা।

তেঁও কিয় ইমান দিনে মাত মতা নাছিল সেই সন্দৰ্ভতো তেঁও কেতবোৰ মন্তব্য কৰে। তেঁও কয় যে মই সাহিত্য সভাৰ বিষয়ে এই কাৰণে ক’তো মাত মতা নাই, কাৰণ মই ভাবিছো- মই যিখন সাহিত্য সভাত আছিলো, সেইখন সাহিত্য সভা যোৱা শতিকাৰ শেহত আৰু এই শতিকাৰ আৰম্ভণীৰ কিছুদিনৰ পিছতেই বহু পৰিৱৰ্তন ঘটিল। এতিয়া আৰু সেই সাহিত্য সভাখন নাই।

লগতে তেঁও সাহিত্য সভাক আজিৰ অৱস্থালৈ নিয়া ব্যক্তিসকলৰ নাম প্ৰকাশ নকৰাকৈয়ে আক্ষেপ প্ৰকাশ কৰে। কাৰ দিনত, কোন কোন মানুহৰ দিনত সাহিত্য সভা লাহে লাহে অসাহিত্যিকৰ এখন যুঁজৰ থলী হৈ উঠিছে সেই কথা জানে বুলি কয়। এইবোৰ কথা সমগ্ৰ জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক বুলিও সাহিত্যিক ড০ শইকীয়াই মন্তব্য কৰে।

Also Read: এবিঘা, দুবিঘা নহয় ২৫০ বিঘাৰো অধিক পকা ধান অনিষ্ট কৰিলে বন্যহস্তীয়ে

অসম সাহিত্য সভা ড০ নগেন শইকীয়া