অসমীয়া ভাষাৰ ভাষিক আত্ম প্ৰতিষ্ঠাৰ সম্ভৱ নহ’লহেতেন হেমচন্দ্ৰ বৰুৱাৰ অৱদানৰ অবিহনে। ভাষাৰ অতি সংকট কালত হেমচন্দ্ৰ বৰুৱাই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি অসমীয়া ভাষাক উদ্ধাৰ কৰিছিল। হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা সদায় অসমীয়া সমাজ জীৱনৰ বাবে প্ৰাতঃস্মৰণীয় হৈ থাকিব। এইগৰাকী মহীৰূহৰ এটা ব্ৰঞ্জৰ আৱক্ষ মূৰ্তি সোমবাৰে দেৰগাঁও সাহিত্য সভা চন্দ্ৰনাথ খাউণ্ড ভৱনৰ চৌহদত পুনঃনিৰ্মাণৰ অন্তত উন্মোচন কৰা হয়। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় মুৰব্বী, ভাষাতাত্ত্বিক, লেখক ড০ নগেন ঠাকুৰে হেমচন্দ্ৰ বৰুৱাৰ আৰু অসমীয়া ভাষা সাহিত্য সূচনাৰ পৰা বৰ্তমানলৈ বিভিন্ন প্ৰয়াসসমূহৰ ওপৰত আলোকপাত কৰে। এই সন্দৰ্ভত তেখেতৰ ভাষণৰ সম্পাদিত ৰূপ
ভাষিক আত্মপ্ৰতিষ্ঠাৰ সংকটকালত হেমচন্দ্ৰ বৰুৱাৰ অৱদান অবিহনে অসমীয়া ভাষাই ইয়াৰ স্বকীয় পৰিচয় বৰ্তাই ৰাখিব নোৱাৰিলে হেতেন।
অসমীয়াৰ বৰ্তমানৰ কথিত আৰু লিখিত তথা মান্যৰূপৰ যি গদ্যশৈলী সেয়া হেমচন্দ্ৰ বৰুৱাৰ একক অৱদান। হেমচন্দ্ৰ-তুলসীৰামৰ পৰা আৰম্ভ কৰি, আনন্দৰাম বৰুৱা, দেবানন্দ বৰুৱালৈ- এই তিনি প্ৰজন্মই হেমকোষৰ দায়িত্ব গ্ৰহণ কৰি শব্দ সংখ্যা বৃদ্ধিৰে সম্পাদনা কৰি হেমকোষক এখন গতিশীল আৰু জীৱন্ত অভিধান কৰি ৰাখিছে।
বৰ্তমান হেমকোষ ঐতিহ্যৰ উত্তৰাধিকাৰ চতুৰ্থ প্ৰজন্মৰ হাতত। চতুৰ্থ প্ৰজন্মৰ সঠিক উত্তৰাধিকাৰীৰূপে শ্ৰীমান জয়ন্ত বৰুৱাই আজিৰ তাৰিখত এজন ব্যক্তিৰ পৰা গৈ এটি অনুষ্ঠান হৈ পৰিছে। অসমৰ বৃহত্তম সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰ ৰূপে জাতীয় জীৱনলৈ মহৎ অৱদান আগবঢ়াই অহা জয়ন্ত বৰুৱাৰ হেমকোষ ঐতিহ্যৰ এটা নতুন দিশ উন্মোচন কৰি আমাৰ জাতীয় জীৱন সমৃদ্ধ কৰিলে।
ব্ৰেইল পদ্ধতিত হেমকোষৰ প্ৰকাশে ভাষা-সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিলে। ড০ ঠাকুৰে হেমকোষৰ এটা সুদীৰ্ঘযুগৰ সম্পাদনাৰ দায়িত্ব পালন কৰা প্ৰয়াত দেবানন্দ বৰুৱাৰ লগত চতুদৰ্শ সংস্কৰণকে ধৰি সংস্কৰণসমূহৰ সম্পাদনা আৰু সেই সময়ত লাভ কৰা বিভিন্ন অভিজ্ঞতাকো শ্ৰদ্ধাৰে স্মৰণ কৰে।
লগতে ১৯৭৪ চনত দেৰগাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠান উদযাপনৰ সভাপতি হৰকান্ত মহন্ত দেবৰ লগত সম্পাদক ৰূপে কৰা কাম আৰু তেতিয়াই লোকসংগীত শিল্পী বীৰেন্দ্ৰ কুমাৰ বৰাই অংকন কৰা হেমচন্দ্ৰ বৰুৱাৰ চিত্ৰখনৰ কথাও উল্লেখ কৰে।
উল্লেখ্য যে, বীৰেন্দ্ৰ কুমাৰ বৰা অংকিত উক্ত চিত্ৰখনি দেৰগাঁও সাহিত্য লভাই এতিয়াও বিশেষ ভাবে সংৰক্ষিত কৰি ৰাখিছে।