ডিজিটেল ডেস্কঃ প্ৰাক্তন উপাচাৰ্য প্ৰতাপ সন্দিকৈক দিয়া কথা অনুসৰিয়েই ২১আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিলে ড০ ননীগোপাল মহন্তই। বুধবাৰে পুৱাৰ ভাগতে বিশ্ববিদ্যালয়ত উপস্থিত হৈ উপাচাৰ্যৰ দায়িত্ব আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে ড০ মহন্তই।
উল্লেখ কৰা প্ৰয়োজন যে, ড৹ ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল । মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ৰূপেও মহন্তই কাৰ্যনিৰ্বাহ কৰিছিল । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা পদ ত্যাগ কৰিছিল ড৹ ননীগোপাল মহন্তই ।
ড° ননীগোপাল মহন্ত শিৱসাগৰ জিলাৰ খাটপাৰ সত্ৰৰ প্ৰয়াত লীলা মহন্ত আৰু ড° নিৰুপমা মহন্তৰ চতুৰ্থ পুত্ৰ। কোঁৱৰপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিগবৈৰ বিবেকানন্দত শিক্ষাগ্ৰহণ কৰিছিল ননীগোপাল মহন্তই। পৰৱৰ্তী সময়ত কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অতি সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
দিল্লীৰ পৰা আহি ননীগোপাল মহন্তই প্ৰথমে কটন কলেজত ৰাজনীতি বিজ্ঞানত অধ্যাপনা আৰম্ভ কৰি পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে। তাৰ মাজতে তেখেতে বিশ্বৰ ভিতৰতে বিখ্যাত ইউনিভাৰ্ছিটি অৱ বাৰ্কলে, কেলিফৰ্নিয়াত ২০০২ চনৰ পৰা ২০০৪ চনলৈ আন্তঃৰাষ্ট্ৰীয় শান্তি বিষয়ত স্কলাৰ হিচাপে অধ্যয়ন কৰিবলৈ যায়।পাছত তেখেতে আন্তঃৰাষ্ট্ৰীয় বিবাদ আৰু শান্তি অধ্যয়ন বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।
ননীগোপাল মহন্তৰ বৰ্ণাঢ্য শৈক্ষিক জীৱনকালত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত বহু প্ৰৱন্ধ প্ৰকাশ পোৱাৰ লগতে চিকাগো, ইংলেণ্ডৰ বাৰ্মিংহাম, বেংকক ইত্যাদি বিশ্ববিদ্যালয়লৈ গৈ বক্তৃতা প্ৰদান কৰিছে। নৰৱেৰ অচলোত আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানত আৰু দিল্লী বিশ্ববিদ্যালয়তো তেখেতে অতিথি অধ্যাপকৰ ৰূপত কাম কৰিছে। চেজ প্ৰকাশনে প্ৰকাশ কৰা তেখেতৰ বিখ্যাত গ্ৰন্থ Confronting the State অতি জনপ্ৰিয়।
মহন্তৰ দ্বিতীয়খন গ্ৰন্থ আধুনিক অসমৰ ৰাজনৈতিক ইতিহাসত মুছলিম লীগৰ পৰা নাগৰিকত্ব আইনলৈ বৰ্ণিত হৈছে। গ্ৰন্থখনক অসমৰ ৰাজনৈতিক ইতিহাসৰ এক দলিল বুলি জনা যায়। তেখেতৰ নামত ৰাজনীতি বিজ্ঞান বিভাগত সৰ্বাধিক উদ্ধৃতিমূলক তথ্য আছে। শিক্ষাৰ্থী সমাজৰ বাবে তেখেতৰ গ্ৰন্থ বা প্ৰৱন্ধসমূহ শিক্ষাৰ একো একোটা গুৰুত্বপূৰ্ণ আহিলা। বহু শিক্ষাৰ্থীয়ে তেখেতৰ অধীনত গৱেষণা কৰি ডক্টৰেট পাবলৈ সক্ষম হৈছে।
ইয়াৰ উপৰিও ড° ননীগোপাল মহন্তই অসমৰ বিভিন্ন বাতৰি কাকতত নিয়মিতভাৱে ৰাজনৈতিক প্ৰৱন্ধ লিখে। বিভিন্ন ৰাষ্ট্ৰীয় তথা আঞ্চলিক টি ভি চেনেলত নিয়মিতভাৱে অলোচনাত অংশ লয়। এজন সুবক্তা ৰূপে পৰিচিত মহন্ত স্কুলত পঢ়ি থকা দিনৰেই পৰা শ্ৰেষ্ঠ তাৰ্কিক হিচাপেও জনপ্ৰিয়। কটন কলেজত পঢ়ি থকা সময়ত ৰাজ্যৰ বিভিন্ন প্ৰতিযোগিতাত অদ্বিতীয় বুলি পৰিচিত আছিল। কটন কলেজৰ তৰ্ক বিভাগৰ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল ননীগোপাল মহন্ত।
আবৃতিকাৰ হিচাপেও তেখেত বিখ্যাত। সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিক চিন্তাধাৰত বিশেষ দখল তথা গৱেষণা কৰা ড° ননীগোপাল মহন্ত এজন সুদক্ষ সত্ৰীয়া নৃত্যশিল্পী। মাজতে তেখেতে অসম চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব লৈ অসমৰ শিক্ষা ব্যৱস্থাত নীতি আৰু প্ৰয়োগৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ সৰ্বত্ৰে প্ৰশংসিত হৈছিল।
Also Read: উজনি অসমত সংকট আৰু সংকেত...