ডিজিটেল সংবাদ কলিয়াবৰঃ শিশুৰ বৌদ্ধিক, মানসিক তথা সুপ্ত প্ৰতিভাসমূহ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা অন্যতম মঞ্চ সদৌ অসম মইনা পাৰিজাতৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ কুঁৱৰীটোলত অনুষ্ঠিত হোৱা দশম ৰাজ্যিক শিশু একাংক নাট প্ৰতিযোগিতাখনিৰ দেওবাৰে সামৰণি পৰিছে।
কলিয়াবৰ মুক্তি যুঁজাৰু স্মৃতি ভৱনত অনুষ্ঠিত গুৱাহাটী, মঙ্গলদৈ, ধেমাজি, বোকাখাত, গহপুৰ, গোলাঘাট, চৰাইদেউ, বিশ্বনাথ চাৰিআলিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ ১৭ টি শিশু নাট্য দলে অংশগ্ৰহণ কৰা একাংক নাট প্ৰতিযোগিতাখনিত মুঠ ১৫ টা নাট্যদলে নাট মঞ্চস্থ কৰে।
আজি ঘোষিত ফলাফল অনুসৰি প্ৰথম শ্ৰেষ্ঠ নাট্যদল- গোলাঘাট জিলা মইনা পাৰিজাত (নাটক- "সফলতাৰ চাবি কাঠি"), দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল- বিশ্বনাথ চাৰিআলি( নাটক- "মেইন ভাও কোনে ল'ব)"তৃতীয় শ্ৰেষ্ঠ নাট্যদল- নগাঁও (নাটক- " ফচকলি ডট কম") আৰু চতুৰ্থ শ্ৰেষ্ঠ নাট্যদল- তিতাবৰ( নাটক - "ৰামধেনুৰ ৰং")।
আনহাতে প্ৰতিযোগিতাখনত প্ৰথম শ্ৰেষ্ঠ পৰিচালক হিচাপে ৰাতুল ফুকন, (গোলাঘাট,নাটক",সফলতাৰ চাবি কাঠি"), দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক জিংকু বৰুৱা, (বিশ্বনাথ চাৰিআলি, নাটক "মেইন ভাও কোনে লৱ"!) তৃতীয় শ্ৰেষ্ঠ পৰিচালক শোণিত কুমাৰ বৰাই (নগাঁও, নাটক - ফচকলি ডট কম) লাভ কৰে।
প্ৰথম শ্ৰেষ্ঠ অভিনেতা হিচাপে জীৱন কুমাৰ শইকীয়া বৰা, (নামনি লখিমপুৰ, নাটক " লঠঙা গছৰ ছাঁ ")দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা হিচাপে স্নেহাল গোস্বামী (তেজপুৰ, নাটক- "ঢৌ") তৃতীয় শ্ৰেষ্ঠ অভিনেতা হিচাপে চচিত নিতীন দত্ত (শিৱসাগৰ নাটক -" ব্ৰেকিং নিউজ") ই লাভ কৰে। আনহাতে প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে কাব্যশ্ৰী শইকীয়া,( কলিয়াবৰ, নাটক" আজি স্কুল বন্ধ "), দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিকিতা বৰা, (বোকাখাত, নাটক " সপোনবোৰ পখীহৈ উৰিব") আৰু তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে কুৱেল কৃষ্টি গোস্বামী (গুৱাহাটী)য়ে বঁটা লাভ কৰে।
প্ৰথম সহ-অভিনেতা হিচাপে প্ৰজ্ঞান জ্যোতি শইকীয়াই, (শিৱসাগৰ, নাটক "ব্ৰেকিং নিউজ"), দ্বিতীয় সহ-অভিনেতা হিচাপে দেৱেশ্বৰ লাহনে (গহপুৰ, নাটক " দিবাংগ নহয় আমি"), আৰু তৃতীয় সহ-অভিনেতা তন্ময় ৰাজবংশী (ডিব্ৰুগড়, নাটক " অকণিৰ চোতালত সাধুকথাৰ মেল") য়ে বঁটা লাভ কৰে। ইয়াৰোপৰি প্ৰথম সহ-অভিনেত্ৰী হিচাপে জিজ্ঞাসা শইকীয়া, (উত্তৰ লখিমপুৰ, নাটক " ছবি ঘৰৰ মেল"), দ্বিতীয় সহ-অভিনেত্ৰী অদিতি দত্ত, (ধেমাজি, নাটক " সূৰ্যাস্তৰ গান") আৰু তৃতীয় সহ-অভিনেত্ৰী হিচাপে শতাব্দী দত্ত (শিৱসাগৰ, নাটক " ব্ৰেকিং নিউজ ") ই বঁটা লাভ কৰে।
শ্ৰেষ্ঠ পাণ্ডুলিপি হিচাপে বিপ্লৱ বৰাৰ লঠঙা গছৰ ছাঁ, মঞ্চ সজ্জাত শ্ৰেষ্ঠ হিচাপে অকণিৰ চোতালত সাধুকথাৰ মেল শীৰ্ষক ডিব্ৰুগড় দলটোৰ নাটকে বঁটা লাভ কৰেl আৱহ সংগীতত শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে তিতাবৰৰ নাটক "ৰামধেনুৰ ৰং"।
বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকাই। কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সভাপতি পুলিন কাকতিয়ে সভাপতিত্ব কৰা সভাখনিত সদৌ অসম মইনা পাৰিজাতৰ সভাপতি তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত উপ-সভাপতি প্ৰফুল্ল বৰাৰ উপৰিও তেজপুৰৰ ডাঃ দ্বীপেন মহন্তকে প্ৰমূখ্য কৰি বহু কেইজন গণ্য মাণ্য লোক উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে।