চাপৰত আলোকৰে যাত্ৰাৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা...

চাপৰত আলোকৰে যাত্ৰাৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
চাপৰত আলোকৰে যাত্ৰাৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, ধুবুৰী: পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ ঐতিহ্যমণ্ডিত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত শনিবাৰে এটি আকৰ্ষণীয় চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আলোকৰে যাত্ৰা নামৰ এটা সামাজিক সংগঠনৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাৰ উদ্বোধন কৰে অধ্যক্ষ প্ৰণৱ কুমাৰ নিয়োগ।

অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ লগতে চহৰখনৰ বিশিষ্ট চিকিৎসক ডাঃ কে কে নাথ আৰু আছা কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ৰেজান হৰো মুখ্য অতিথি হিচাপে উপস্থিত থাকে। প্ৰতিযোগীতাৰ বিচাৰক ৰূপে উপস্থিত থাকে সুশ্ৰী কেয়া সাহা। উদেশ্য বাখ্যা কৰে আলোকৰে যাত্ৰাৰ সম্পাদক তিলক চন্দ্ৰ প্ৰসাদে।

প্ৰায় ৪৫গৰাকী ছাত্ৰ-ছাত্ৰীযে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত নীয়াৰি কৈ চোৱা চিতা কৰে শ্বেহনাজ পাৰবীন, পিকু হালদাৰ, সংগীতা মল্লাহ, চনু চৌধৰী আৰু আনোৱাৰ হুছেইন। ক, খ আৰু গ শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ক্ৰমে কনিশ্ক পাল ( প্ৰথম ), ৰিম্পি বৰ্মন ( দ্বিতীয়) , অভিলাসা কাশ্যপ( তৃতীয়), খ শাখাত অভিজিত পাল( প্ৰথম), ৰিশিকা দাস( দ্বিতীয়), উন্মনা ৰায়( তৃতীয়) জাহ্নৱী হৰো (নিচুকণি) আনহাতে গ শাখাত হীয়া নাগ( প্ৰথম), ঈশিকা নাগ( দ্বিতীয়) আৰু বিদিছা ৰায়( তৃতীয়) স্থান লাভ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অহা দেওবাৰে আলোকৰে যাত্ৰাৰ উদ্যোগত এটি বহু ভাষিক কবি সন্মিলন অনুষ্ঠিত কৰা হব বুলি সম্পাদক তিলক চন্দ্ৰ প্ৰসাদ জানিবলৈ দিয়ে।

Also Read: বিশ্বৰ আটাইতকৈ দামী মাছ কোনবিধ আপুনি জানেনে?

chapar Drawing competition