চতিয়াত নিচাযুক্ত সামগ্ৰীসহ সৰবৰাহকাৰী আটক...

চতিয়াত নিচাযুক্ত সামগ্ৰীসহ সৰবৰাহকাৰী আটক...
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়া আৰক্ষীৰ বৃহৎ সফলতা। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে খেদি খেদি চতিয়াৰ কছাৰীগাঁৱৰ পথৰে এখন টমটমত সৰবৰাহ কৰি অনা ১২কেজি গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হয় দুই সৰবৰাহকাৰীক।

আটক হোৱা দুই সৰবৰাহকাৰীৰ নাম ৰাতুল আহমেদ আৰু কৰণ গড় বুলি জানিব পৰা গৈছে। এটা চুটকেচত মাজবাটৰ পৰা অনা হৈছিল গাঞ্জাখিনি৷ ধৃত ৰাতুল আহমেদৰ ঘৰ চতিয়াৰ চৰাইজনীয়া গাঁৱত হোৱাৰ বিপৰীতে ধৃত আনটো সৰবৰাহকাৰী কৰণ গড়ৰ ঘৰ মাজবাটত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। ইতিমধ্যে আটক হোৱা দুই গাঞ্জা সৰবৰাহকাৰী চতিয়া আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।

চতিয়াত নিচাযুক্ত সামগ্ৰীসহ সৰবৰাহকাৰী আটক...
নগাঁও বান পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত পীযুষ হাজৰীকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in