চতিয়াত নিচাযুক্ত সামগ্ৰীসহ এজনক আটক...

চতিয়াত নিচাযুক্ত সামগ্ৰীসহ এজনক আটক...
Published on
Updated on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াত গাঞ্জাসহ এজনক আটক কৰিছে আৰক্ষীয়ে ৷ চতিয়াৰ খনাগুৰিৰ ভাস্কৰজ্যোতি বিদ্যালয়ৰ সন্মুখত দেওবাৰে সন্ধিয়া আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷

মাহী নামৰ এখন যাত্ৰীবাহী বাছখনত গাঞ্জাখিনি কঢ়িয়াই অনাৰ তথ্য লাভ কৰি চতিয়া আৰক্ষীয়ে গাড়ীখন উক্তস্থানত আগচি ধৰে৷ গাড়ীখনৰ ভিতৰৰ পৰা প্ৰায় ৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীটোক ৷

আৰক্ষীৰ জালত পৰা গাঞ্জা সৰবৰাহ কাৰীটোৰ নাম বিবেক নাথ বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ জেৰাত ধৃত সৰবৰাহকাৰীটোৱে গাঞ্জা খিনি তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈ সৰবৰাহৰ বাবে অনাৰ কথা স্বীকাৰ কৰিছে৷ অবৈধ গাঞ্জা সৰবৰাহকাৰী বিবেক নাথৰ প্ৰকৃত ঘৰ বৰপেটাত আৰু বৰ্তমান তেজপুৰ মাজবাটত আছিল বুলি জানিব পৰা গৈছে ৷

চতিয়াত নিচাযুক্ত সামগ্ৰীসহ এজনক আটক...
অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণ গতিতঃ ১০০০খন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in