বদৰপুৰত ৬৬ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দঃ আটক ৩

বদৰপুৰত ৬৬ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দঃ আটক ৩
Published on
Updated on

ডিজিটেল ডেস্কঃ বদৰপুৰ থানাৰ অন্তৰ্গত লামাজুৱাৰ অঞ্চলত বুধবাৰে সন্ধিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ডি আই জি পাৰ্থসাৰথি মহন্ত আৰু আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত এছ টি এফ আৰু কৰিমগঞ্জ আৰক্ষীৰ যৌথ অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৬৬ কোটি টকা।

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, আৰক্ষীয়ে বলেৰ' কেম্পাৰ বাহনখনৰ বেকলাইট দুটাৰ গোপন স্থানৰ পৰা ২,২০,০০০ ইয়াবা টেবলেট জব্দ কৰা লগতে পঞ্জীয়ন নম্বৰ নথকা বলেৰ' কেম্পাৰ বাহনখনো জব্দ কৰে। ঘটনা সন্দৰ্ভত ত্ৰিপুৰাৰ ৩ জন লোকক আটক কৰে আৰক্ষীয়ে। লোক কেইজন ক্ৰমে- বাহন চালক খাইৰুল হুছেইন, মামন মিয়া, নবিৰ হুছেইন।

বদৰপুৰত ৬৬ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দঃ আটক ৩
সংকল্প দিৱস আছিল শিশু শ্ৰমিক নোহোৱা কৰা, মন্ত্ৰী আলোচনাত বহিল তৃতীয় লিংগৰ লোকৰ সমস্যা সমাধানত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in