কাছাৰত আৰক্ষীৰ পৃথক অভিযানঃ ২৭ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ

কাছাৰত আৰক্ষীৰ পৃথক অভিযানঃ ২৭ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
কাছাৰত আৰক্ষীৰ পৃথক অভিযানঃ ২৭ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ

ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য। শুকুৰবাৰে নিশা ধলাই আৰু শিলডুবিত চলোৱা দুটা পৃথক অভিযানত প্ৰায় ২৭ কোটি টকাৰ হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। ধলাই এলেকাৰ চান্নিঘাটৰ পৰা ৫৫ টা হেৰ'ইনৰ পেকেট জব্দ কৰে।

পেকেট কেইটাৰ পৰা মুঠ ৭০০ গ্ৰাম হেৰʼইন জব্দ কৰে ধলাই আৰক্ষীয়ে। হেৰ'ইন সৰবৰাহৰ অভিযোগত তমিজুৰ ৰহমান লস্কৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তি জনৰ ঘৰ ধলাইৰ ৰাজগোবিন্দপুৰত।

আন এক অভিযানত আৰক্ষীয়ে শিলচৰ শিলডুবি দ্বিতীয় খণ্ডৰ পৰা ৪১ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা ৫০০ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। হেৰ'ইনৰ সৈতে ২ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

ধৃত সৰবৰাহকাৰী দুজন কবীৰ আহমেদ বৰভূঞা আৰু ৰাজীব উদ্দিন লস্কৰ। দুয়ো পৰা জব্দ কৰা হেৰ'ইনৰ ওজন ১.২ কেজি বুলি আৰক্ষীয়ে সদৰী কৰিছে। জব্দাকৃত হেৰ'ইন খিনিৰ মূল্য প্ৰায় ২৭ কোটি টকা।

হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্যৰ পৰা কাছাৰলৈ সৰবৰাহ কৰি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে। ইফালে,বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰা বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X হেণ্ডেল আৰু ফেচবুকত কাছাৰ আৰক্ষীক উচ্চ প্ৰশংসা কৰিছে।

Also Read: নয়নপুৰত অগ্নিকাণ্ডঃ ১৫ লাখ টকাৰ সম্পত্তি ভস্মীভূত

Cachar Police silchar drugs drugs seized 2024