কৰিমগঞ্জত ১১৫ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ

কৰিমগঞ্জত ১১৫ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ: কৰিমগঞ্জত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে এছটিএফ আৰু কৰিমগঞ্জ আৰক্ষীয়ে। কৰিমগঞ্জ আৰক্ষী আৰু এছটিএফে যুটীয়া অভিযানত জব্দ কৰে বহু পৰিমাণৰ হেৰোইন আৰু নিচাজাতীয় য়াবা টেবলেট। আৰক্ষী সূত্ৰে পোৱা তথ্য মতে, এছটিএফৰ আইজি পাৰ্থ সাৰথি মহন্ত আৰু কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত চলোৱা হৈছিল এই ড্ৰাগছ বিৰোধী অভিযান।

অভিযানত জব্দ কৰা হৈছে ১কেজি ৩০০ গ্ৰাম হেৰোইন আৰু ৩ লাখ ৫০ হাজাৰটা য়াবা টেবলেট। NL 01A C 4764 নম্বৰৰ ট্ৰাক খনত তালাচী চলাই গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ড্ৰাগছ খিনি। জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য ১১৫ কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰটো জানিবলৈ দিয়ে। ইফালে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত ৪ জন ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।

ধৃত ব্যক্তি কেইজন ক্ৰমে ফুজাইল আহমেদ, নঈমুল হক, আতিকুৰ ৰহমান আৰু জগজিৎ দেব বৰ্মন। ইয়াৰে প্ৰথম ৩জনৰ ঘৰ কৰিমগঞ্জ জিলাৰ নিলামবজাৰত। আনহাতে,জগজিৎ দেব বৰ্মনৰ ঘৰ ত্ৰিপুৰাত।

উল্লেখ্য যে, জব্দ হোৱা ট্ৰাকৰ গৰাকী কৰিমগঞ্জৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী হবিবুৰ ৰহমান। যোৱা কিছুদিন আগতে ড্ৰাগছ সৰবৰাহ কৰিবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ বৰ্তমান কৰিমগঞ্জৰ কাৰাগাৰত বন্দী ।

হবিবুৰ কাৰাগাৰত বন্দী হৈ থাকিলেও হবিবুৰৰ ড্ৰাগছ ব্যৱসায়ৰ সাম্ৰাজ্যখন অব্যাহত আছে। হবিবুৰৰ পিতৃ নঈমুল হকে পুত্ৰৰ অনুপস্থিতিত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে। নঈমুল হকে এই বুজণ পৰিমাণৰ ড্ৰাগছ খিনি সৰবৰাহ কৰাৰ সময়তে শুকুৰবাৰে ড্ৰাগছ সহ আৰক্ষী আৰু এছটিএফৰ হাতত গ্ৰেপ্তাৰ হয়।

ইফালে, শিলচৰতো ১৮ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা শিলচৰৰ কাঠাল ৰোডত অভিযান চলাই জব্দ কৰে টেবলেট খিনি। ৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাই পাছত অভিযান চলাই AS10E- 3552 নম্বৰৰ মটৰ চাইকেলখনৰ পৰা জব্দ কৰা হয় টেবলেট খিনি।

মটৰ চাইকেলখনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল টেবলেট খিনি।টেবলেট সৰবৰাহৰ অভিযোগত ম: মেহবুব আলম নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ধৃত মেহবুবৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ মইনাগ্ৰামত। জব্দ কৰা নিচাজাতীয় টেবলেট খিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ৫.৫ কোটি বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। টেবলেট খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ আইজলৰ পৰা সৰবৰাহ কৰা হৈছিল। বুজণ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা বাবে ইতিমধ্যে এছটিএফ, কৰিমগঞ্জ আৰু কাছাৰ আৰক্ষীক উচ্চ প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কৰিমগঞ্জত ১১৫ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ
এ আই ইউ ডি এফত মোক্ষম আঘাতঃ কেইবা শতাধিক সদস্যৰ ৰাইজৰ দলত যোগদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in