ডিজিটেল ডেস্কঃ আৰ টি আই কৰ্মী দুলাল বৰাক অৱশেষত বিচাৰি পালে আৰক্ষীয়ে। মঙলবাৰৰ নিশা দিল্লী আৰক্ষীয়ে তেওঁক দিল্লীৰ এখন চিকিৎসালয়ৰ পৰা আটক কৰে। সোণাৰি বিজেপি নেতা আত্মহত্যাৰ গোচৰত নাম সাঙুৰ খাইছিল দুলাল বৰাৰ।
তাৰ পাছত দুলাল বৰাই আত্মগোপন কৰি অগ্ৰিম জামিনৰ বাবে আবেদন জনাইছিল আদালতত। আৰক্ষী নিষ্ক্ৰিয়তাৰ সুযোগ লৈ দিল্লীলৈ পলাই গৈছিল দুলাল বৰা। বিৰ্তকিত এই আৰ টি আই কৰ্মীজনে বেমাৰৰ ভাও ধৰি দিল্লীত এখন চিকিৎসালয়ত চিকিৎসাধীন হৈছিল।
তাৰ পৰাই তেওঁক দিল্লী আৰক্ষীৰ এটা দলে মঙলবাৰৰ নিশাই আটক কৰাৰ পাছত অসম আৰক্ষীক খবৰ দিয়ে। অসম আৰক্ষীৰ এটা দল বুধবাৰে পুৱাই দিল্লীলৈ ৰাওনা হয় দুলাল বৰাক জিম্মাত লবলৈ।
ইতিমধ্যে দিল্লীত গৈ উপস্থিত হৈছে অসম আৰক্ষীৰ দলটো। দিল্লী আদালতত হাজিৰ কৰাৰ পাছতে বৰাক অসম আৰক্ষীৰ দলটোৱে নিজৰ জিম্মাত লৈ আজিয়েই গুৱাহাটীলৈ উভতাৰ কথা। উল্লেখযোগ্য যে, বুধবাৰে পুৱা লক্ষ্যণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে দুলাল বৰাক গ্ৰেপ্তাৰ কৰা হব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।