'দুৰ্নীতি বিৰোধী যুৱ শক্তি' দৰং জিলা সমিতিৰ সভাপতি-সম্পাদকৰ বিৰুদ্ধে থানাত এজাহাৰ...

সভাপতি-সম্পাদকে দুৰ্নীতি সংগঠিত কৰাৰ অভিযোগ উত্থাপিত হোৱাত বৃহত্তৰ দুমুনিচকী অঞ্চলৰ সচেতন মহলৰ মাজত চৰ্চা
দুৰ্নীতি বিৰোধী যুৱ শক্তি 
সংগঠন
দুৰ্নীতি বিৰোধী যুৱ শক্তি সংগঠন
Published on
Updated on

ডিজিটেল সংবাদ দুমুনিচকীঃ দুমনিচকীত "দুৰ্নীতি বিৰোধী যুৱ শক্তি" নামৰ এটা সংগঠনৰ খোদ দৰং জিলা সমিতিৰ সভাপতি - সম্পাদকে দুৰ্নীতি সংগঠিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কেৱল এয়াই নহয়, সংগঠনটোৰ দৰং জিলা‌ সমিতিৰ সভাপতি-সম্পাদকে ধন দাবী, অপহৰণৰ ভাবুকি প্ৰদানৰ উপৰিও বিভিন্ন ধৰণে মানসিক নিৰ্যাতন চলোৱাত উপায়ন্তৰ হৈ দুয়োগৰাকীৰ বিৰুদ্ধে ছিপাঝাৰ থানাত এজাহাৰ দাখিল কৰাৰ এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে।

জানিব পৰা মতে, সংগঠনৰ বেনাৰৰ আঁৰত সহজ ধন উপাৰ্জনৰ বক্ৰ পথ অৱলম্বন কৰা সংগঠনটোৰ দৰং জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে নিত্যানন্দ কলিতা আৰু বলিন ৰাজবংশীৰ বিৰুদ্ধে ভুক্তভোগী কুলেন নাথ নামৰ কোম্পানীত কাম কৰা লোক এজনে ছিপাঝাৰ থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত গোচৰ নং ৪৪৯/২২ আৰু ১৯৩/৪৩৫/৩৭৯/৪৮৭/৩৪ আই পি চিৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

বিষয় সন্দৰ্ভত ছিপাঝাৰ থানাৰ অন্তৰ্গত বদিয়াসিচা নিবাসী কুলেন নাথে উত্থাপন কৰা অভিযোগ অনুসৰি, সংগঠনটোৰ দৰং জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে দীৰ্ঘদিন ধৰি তেওঁক বিভিন্ন অপবাদেৰে মানসিক ভাৱে নিৰ্যাতন চলাই আহিছে। আনকি তাতেই ক্ষান্ত নাথাকি দুয়ো সভাপতি সম্পাদকে ভুৱা আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰি কুলেন নাথক ব্লেক মেইলিং কৰিবলৈ আৰম্ভ কৰে। কুলেন নাথক ৩ লাখ টকা দাবী কৰি উক্ত ধন আদায় নিদিলে ভুক্তভোগী নাথৰ সন্তানক বিদ্যালয়ৰ পৰা উঠাই নিয়াৰ ভাবুকি প্ৰদান কৰে।

সভাপতি সম্পাদকৰ বিৰুদ্ধে এজাহাৰ
সভাপতি সম্পাদকৰ বিৰুদ্ধে এজাহাৰ

ফলত উপায়ন্তৰ হৈ কুলেন নাথে দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ দৰং জিলা সমিতিৰ সভাপতি নিত্যানন্দ কলিতা আৰু সম্পাদক বলিন ৰাজবংশীৰ বিৰুদ্ধে ছিপাঝাৰ থানাত এখন এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে, দুৰ্নীতি বিৰোধী যুৱ শক্তি নামৰ সংগঠনটোৰ দৰং জিলা‌ সমিতিৰ সভাপতি সম্পাদকে দুৰ্নীতি সংগঠিত কৰাৰ অভিযোগ উত্থাপিত হোৱাত বৃহত্তৰ দুমুনিচকী অঞ্চলৰ সচেতন মহলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in