দুৰ্গা পূজাৰ সময়ছোৱাত কোনো অবাঞ্চিত ঘটনাৰ বাবে পূজাৰ দিনবোৰৰ আনন্দ যাতে ম্লান নহয় তাৰ প্ৰতি কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। কেনে ধৰণৰ সাৱধানতা অৱলম্বনে আপোনাৰ পূজাৰ আনন্দত বাধা প্ৰদান নকৰে সেই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...
পূৰ্ণোদ্যমে চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি। পূজাৰ দিনকেইটাত ক’ত যাম, কি পিন্ধিম, কি খাম লগতে নিজক কি দৰে সজাই তুলিম ইত্যাদি ইত্যাদি চিন্তাতে বিভোৰ হৈ পৰো আমিবোৰ। সকলোৱে সেই বিশেষ দিনকেইটাৰ বাবে অপেক্ষা কৰো আৰু বিভিন্ন পৰিকল্পনা কৰো।
পূজা বুলি ক'লে বিশেষকৈ বিভিন্ন খাদ্য সম্ভাৰ মনলৈ আহে। বহুতে অষ্টমী পূজাৰ দিনা ছাগলী মাংস, নৱমীৰ দিনা ভিন্নৰঙী মিঠাই-জেলেপি আৰু দশমীৰ দিনা মাছ খোৱাৰ পক্ষপাতিত্ব কৰে। ইয়াৰোপৰি একাংশই পূজা চাবলৈ ওলাই গৈ জধে-মধে খাদ্য খাই ফুৰে। ফলত পেটৰ সমস্যাৰ লগতে বিভিন্ন শাৰিৰীক সমস্যাত ভোগা দেখা যায়।
বিশেষকৈ আজিকালি ছোৱালী-মহিলা সকল নিজ স্বাস্থ্যক লৈ অতি উদ্বিগ্ন হোৱা দেখা যায়। কিন্তু পূজা চাবলৈ ওলাই যোৱা লগে লগে সকলো পাহৰি ৰাস্তাৰ কাষৰ এদিনীয়া দোকানবোৰৰ ম'ম',চাওচাও,ভিন্নৰঙী মিঠাইৰ সোৱাদ লৈ ফুৰে। সেই সময়ত চাওচাওখিনি কি তেল বা ৰিফাইন ব্য়ৱহাৰ কৰি বনোৱা হৈছিল, কিমান স্বাস্থ্যকৰ পৰিৱেশত খাদ্য বনাইছিল সেই কথাত কোনোৱে গুৰুত্ব নিদিয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, গ্ৰাহকক সহজে আকৰ্ষিত কৰিবৰ কাৰণে আজিকালি এচাম অসৎ চৰিত্ৰৰ ব্যৱসায়ীয়ে নানা প্ৰকাৰৰ শৰীৰৰ অনিষ্টকাৰী কেমিকেল ব্যৱহাৰ কৰি ৰংচঙীয়াকৈ আৰু লোভনীয় ৰূপত নানা বিধৰ মিঠাই, পানীয় প্ৰস্তুত কৰা হৈছে৷ তদুপৰি এই খাদ্য সামগ্ৰীবোৰ পূজাস্থলীসমূহৰ কাষত সম্পূৰ্ণ মুকলিকৈ অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰে৷ এনে অনুপযোগী খাদ্য খালে যিকোনো মুহূৰ্ততে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে৷
সেয়ে অখাদ্য খাই অসুস্থ হোৱা পৰিৱৰ্তে খোৱাত ৰুচি থকা সকলে পূজা কেইদিনত বিভিন্ন খাদ্য সম্ভাৰ তথা খাদ্য প্ৰণালীৰ ব্যৱস্থা নিজ ঘৰতে কৰিব পাৰে। যিয়ে যেনেকৈ যি খাই ভাল পায়, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতেই খোৱাৰ জুতি ল’ব পাৰে। পূজাৰ দিনত আলহী-অতিথি অহাৰ সম্ভাৱনা অধিক। গতিকে নিজে কিছু খাদ্য সামগ্ৰী ঘৰতে সাজু কৰি থ’ব পাৰে। যেনে- নিমকি, নাৰিকল লাৰু, চুজিৰ লাৰু, ময়দা-চেনীৰে তৈয়াৰ কৰা মিঠাই, পেৰা ইত্যাদি। ঘৰতে নেমু,কমলা,মৌচুমীৰ পানীয়ও তৈয়াৰ কৰি থ'ব পাৰে।
ইয়াৰোপৰি, প্ৰতিমা দৰ্শনৰ বাবে ওলাই যাঁওতে আপুনি কি সাজ পৰিধান কৰিছে সেয়া এক গুৰুত্বপূৰ্ণ বিষয়। বহু লোকে পূজাৰ নামত জাক-জমকতাক প্ৰাধান্য দিয়ে। কিন্তু সস্তীয়া কাপোৰ শৰীৰৰ বাবে আৰামদায়ক নহয়। বহু মহিলা চালৰ সমস্যাত ভোগাও পৰিলক্ষিত হয়। চিল্ক বা চিনথেটিক সাজৰ পৰিৱৰ্তে কপাহী কাপোৰ শৰীৰৰ বাবে তথা গৰমত পৰিধান কৰিবৰ বাবে অতি উত্তম। ইয়াৰ দ্বাৰা আপুনি ষ্টাইলিছৰ লগতে আৰামদায়কো অনুভৱ কৰিব। লগতে মুক্ত মনে পূজা উপভোগ কৰিব পাৰিব।
পূজা বুলি ক'লে আনন্দত মতলীয়া হৈ পৰে চৌদিশ। কিন্তু পূজা চাবলৈ ওলাই যোৱাৰ পূৰ্বে আমি পৰিয়ালটোক লৈ কিছু সাৱধানতা অৱলম্বন কৰা উচিত, যাতে কোনো অঘটন নহয়, যাতে আনন্দ ম্লান নপৰে। পূজাৰ সময়ত ভুলতো ঘৰ খালী কৰি পূজা চাবলৈ নাযাব। অন্যথা আপোনাৰ মূল্যৱান সামগ্ৰী চুৰি হ’ব পাৰে। প্ৰয়োজন সাপেক্ষে সকলো সময় ভগাই লৈ পূজা চাবলৈ যাঁওক। সন্তানক পূজা বুলি অকলে এৰি নিদিব। সন্তানক চকুৰ আগত ৰাখিব। মনত ৰাখিব বন্ধুৰ সৈতে অকলে ওলাই যোৱা মানেই বিপদৰ সম্ভাৱনা।
উল্লেখ্য যে, দুৰ্গা পূজা বুলি ক'লে আমি সকলো আপোনপাহৰা হৈ পৰো। কিন্তু আপোনাৰ এটা সাধাৰণ ভুলৰ বাবে পূজাৰ আনন্দ ম্লান পৰিব পাৰে। সেয়ে তৃপ্তিৰ লগতে স্বাস্থ্যৰ কথা পাহৰিব নালাগে। পাঁচদিন ধৰি অবিৰতভাৱে খোজ কঢ়া আৰু অনিয়মিত সময়ৰ লগত খাপ খুৱাবলৈ শৰীৰক নিয়মীয়াকৈ পুষ্টিকৰ খাদ্য দিব। ভোগ-বিলাসৰ নামত বিষ সেৱন নকৰিব।
Also Read: অসমত দৰমহা নাপাই চৰম সিদ্ধান্ত লৈছে চৰকাৰী কৰ্মচাৰীয়েঃ আপ