বেইজিঙলৈ যোৱাৰ পূৰ্বে এমাহতে দুবাৰ ভাৰত ভ্ৰমণ শ্বেইখ হাছিনাৰঃ কূটনৈতিক সফলতা...

প্ৰধানমন্ত্ৰী মোডীৰে দ্বিপাক্ষিক বৈঠকত কেইবাখনো চুক্তিত স্বাক্ষৰ
বেইজিঙলৈ যোৱাৰ পূৰ্বে এমাহতে দুবাৰ ভাৰত ভ্ৰমণ শ্বেইখ হাছিনাৰঃ কূটনৈতিক সফলতা...
বেইজিঙলৈ যোৱাৰ পূৰ্বে এমাহতে দুবাৰ ভাৰত ভ্ৰমণ শ্বেইখ হাছিনাৰঃ কূটনৈতিক সফলতা...
Published on
Updated on

ডিজিটেল ডেস্কঃ চীন ভ্ৰমণৰ পূৰ্বে ভাৰত ভ্ৰমণ কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকত দুয়ো দেশৰ কূটনৈতিক সম্পৰ্কৰ উপৰিও আন কেতবোৰ বিষয়ে স্থান লাভ কৰিছে।

উল্লেখ্যে যে, অহা জুলাই মাহত চীনৰ আমন্ত্ৰণত বেইজিং ভ্ৰমণ কৰিব শ্বেইখ হাছিনাই। চীনে ভাৰতলৈ অহাৰ পূৰ্বেই হাছিনাই বেইজিং ভ্ৰমণ কৰাটো বিচাৰিছিল যদিও ভাৰত ভ্ৰমণৰ এই কাৰ্যসূচী পূৰ্বেই নিৰ্ধাৰণ হৈ থকাত বেইজিং ভ্ৰমণৰ পূৰ্বেই শুকুৰবাৰে নতুন দিল্লীত আহি উপস্থিত হয়।

মন কৰিবলগীয়া যে, বাংলাদেশত অতি ব্যয়বহুল তিস্তা প্ৰকল্পত চীনে বিনিয়োগৰ আগ্ৰহ প্ৰকাশ কৰিছে। চীনে এই প্ৰকল্পত ধন বিনিয়োগ কৰা মানেই ভাৰতৰ বাবে হৈ পৰিব এয়া আন এক প্ৰত্যাহ্বান। এনে পৰিস্থিতিত বেইজিং ভ্ৰমণৰ পূৰ্বেই হাছিনাৰ নতুন দিল্লী ভ্ৰমণে ভাৰতক কূটনৈতিক দিশত এখোজ আগবঢ়ালে।

অৱশ্যে এই প্ৰকল্প সন্দৰ্ভত দুয়ো ৰাষ্ট্ৰ নেতাৰ পৰা কোনো কথাই আনুষ্ঠানিকভাৱে প্ৰকাশ হোৱা নাই। প্ৰধানমন্ত্ৰী মোডীৰে অনুষ্ঠিত হোৱা এই দ্বিপাক্ষীক বৈঠকত কেইবাখনো চুক্তিতো স্বাক্ষৰ কৰে দুয়ো ৰাষ্ট্ৰ নেতাই।

বৈঠকৰ পাছতে নৰেন্দ্ৰ মোডীয়ে কয় যে তেওঁলোকে প্ৰতিৰক্ষা উৎপাদনৰ আধুনিকীকৰণ, সন্ত্ৰাসবাদ আৰু ইয়াক প্ৰতিৰোধৰ উপায় আৰু সীমান্তত শান্তি সুনিশ্চিত কৰাৰ পদ্ধতিৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে বাংলাদেশৰ পৰা চিকিৎসাৰ বাবে ভাৰতলৈ অহা লোকসকলৰ বাবে ই-মেডিকেল ভিছা সেৱা ঘোষণা কৰে।

ইয়াৰোপৰি দুয়োপক্ষই অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ ওপৰত আলোচনা আৰম্ভ কৰিবলৈও সন্মত হৈছে। দ্বিপাক্ষিক আলোচনাৰ সময়ত প্ৰতিৰক্ষা, যোগাযোগ আৰু আন্তঃগাঁথনি, শক্তি আৰু শক্তি সহযোগিতা, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰীত্ব, উন্নয়ন সহযোগিতা, নদীৰ পানী ভাগ-বতৰা আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰে।

বৈঠকৰ অন্তত ডিজিটেল ক্ষেত্ৰত শক্তিশালী সম্পৰ্ক গঢ়ি তোলা আৰু "গ্ৰীণ পাৰ্টনাৰশ্বিপ'' স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ উপৰিও, ভাৰত আৰু বাংলাদেশেৰ মাজত ৰে'ল সংযোগৰ ক্ষেত্ৰত এক চুক্তি স্বাক্ষৰ কৰে।

ইফালে শ্বেইখ হাছিনায়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বাংলাদেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে। তেওঁ কয় "মই প্ৰধানমন্ত্ৰী মোডীক বাংলাদেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছোঁ। আমি কি কৰিছো সেয়া চাবলৈ তেওঁক বাংলাদেশলৈ মাতিছোঁ। আমি দেখুৱাব বিচাৰিছে আমাৰ পৰিকল্পনাসমূহ।"

ইফালে দুদিনীয়া ভ্রমণসূচীৰে শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হোৱা হাছিনাই আজি ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়কো সাক্ষাৎ কৰে। ৰাষ্ট্রপতি ভৱনত পুৱা বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিক আদৰণি জনোৱা হয়।

ইয়াৰ পূৰ্বে আকৌ শুকুৰবাৰেই প্রধানমন্ত্রী মোডীয়ে হাছিনাৰ সৈতে শুভেচ্ছামূলক মত বিনিময়ো কৰে। এই সময়ছোৱাত তেওঁলোক দুয়োৰে সৈতে উপস্থিত থাকে দুয়োখন দেশৰে মন্ত্ৰী আৰু অন্যান্য প্ৰতিনিধিবৰ্গ। ইয়াৰ পাছতে শ্বেইখ হাছিনা ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধাঞ্জলি জনায়।

উল্লেখ্য যে, ভাৰতত উপস্থিত হোৱাৰ পাছতে হাছিনাক শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰেও সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছত ড০ জয়শংকৰে কয় যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজত থকা আন্তৰিক সম্পৰ্কক প্রতিফলিত কৰিছে।

উল্লেখযোগ্য যে শ্বেইখ হাছিনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ শপতগ্রহণ অনুষ্ঠানতো উপস্থিত আছিল। সেয়ে চলিত মাহতে এয়া হাছিনাৰ দ্বিতীয় ভাৰত ভ্ৰমণ হিচাপে পৰিগণিত হৈছে।

মোডী আৰু হাছিনাৰ কাৰ্যকালত শেহতীয়াকৈ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কই নতুন মাত্রা লাভ কৰিছে। দুয়োখন দেশৰ মাজত বাণিজ্য, নিৰাপত্তা, শক্তি, বিজ্ঞান, প্রযুক্তি আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন বিষয়ত সহযোগিতামূলক সম্পৰ্ক অটুট আছে।

বেইজিঙলৈ যোৱাৰ পূৰ্বে এমাহতে দুবাৰ ভাৰত ভ্ৰমণ শ্বেইখ হাছিনাৰঃ কূটনৈতিক সফলতা...
সামান্য বিবাদক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষঃ ৫১ জনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in