পূব কামৰূপ কুইজ ফ'ৰামৰ কুইজ আৰু তৰ্ক কৰ্মশালা...

পূব কামৰূপ কুইজ ফ'ৰামৰ কুইজ আৰু তৰ্ক কৰ্মশালা...
Published on
Updated on

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলি: পূব কামৰূপ কুইজ ফ'ৰামৰ উদ্যোগত ২৬ জুলাই তাৰিখে পূৱ কামৰূপ মহাবিদ্যালয়ত এদিনীয়া "তৰ্ক আৰু কুইজ"ৰ কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত তৰ্কৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট তাৰ্কিক তথা সাংবাদিক বিজিত কলিতাই ছাত্ৰ-ছাত্ৰীৰ লগত গভীৰভাৱে তৰ্কৰ বিষয়ে বিষদভাৱে আলোচনা কৰে।

আনহাতে কুইজৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰহেলিকা কুইজ ফ'ৰামৰ সাংগঠনিক সম্পাদক দেবাশীষ ৰাজকুমাৰে ছাত্ৰ-ছাত্ৰীৰ লগত কুইজৰ বিভিন্ন কৌশল , তথ্য লাভৰ মাধ্যম আদি বিভিন্ন বিষয়ত এক গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াই। উক্ত অনুস্থানত পূৱ কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ নাৰায়ণ গোস্বামী বন্তি প্ৰজ্বলক , গ্ৰন্থগাৰিক ড ⁰ নিৰ্মল ৰঞ্জন মজুমদাৰ উদ্বোধক, অধ্যাপক আয়েজ আলী পুৰস্কাৰ বিতৰক আৰু শিক্ষক নৱ কুমাৰ ডেকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

বিভিন্ন প্ৰান্তৰ স্কুল, কলেজৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনৰ এক অংশ হিচাপে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰা হয়। সমূহ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে উক্ত প্ৰচেষ্টাৰ বাবে পূব কামৰূপ কুইজ ফ'ৰামক ধন্যবাদ জ্ঞাপন কৰে তথা আগন্তুক বৰ্ষতো এনেধৰণৰ পদক্ষেপ লবলৈ আহ্বান জনায় ।

পূব কামৰূপ কুইজ ফ'ৰামৰ কুইজ আৰু তৰ্ক কৰ্মশালা...
নিৰ্মল হালৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in