‘পিয়লি ফুকন'ত এটা সৰু ল'ৰাৰ চৰিত্ৰত ভুমুকি মাৰিলেও 'সংগ্রাম'ৰ যোগেদিয়েই আৰম্ভ হৈছিল তেওঁৰ ছবিৰ অভিনয়ৰ জীৱন সংগ্ৰাম। তাৰ পিচতে 'ডক্তৰ বেজবৰুৱাই তেওঁক প্ৰতিষ্ঠা দিয়াই নহয়, অসমীয়া ছবিৰ এক আদর্শ নায়কৰ ভাবমূৰ্তিৰ এখন স্থায়ী আসনো প্ৰদান কৰিলে।
অভিলেখসংখ্যক অসমীয়া ছবিত প্রাণবন্ত অভিনয় কৰা নিপন গোস্বামীয়ে এটা সময়ত চিত্ৰপ্ৰেমীৰ হৃদয়ত মহাতাৰকাৰ স্থান লাভ কৰে। সত্তৰ আৰু আশীৰ দশকৰ সৰহসংখ্যক অসমীয়া ছবিৰ জনপ্ৰিয়তাত যে নিপন গোস্বামীৰ অনবদ্য অভিনয়ৰ সিংহভাগ অৰিহণা আছিল তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।
কিন্তু সেই সময়তো আশ্চর্যজনকভাৱে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পর্যায়ত খ্যাতি লভা ছবিত নিপন গোস্বামীক সততে দেখা পোৱা নগৈছিল। তেওঁ জনপ্রিয় ছবিবোৰৰ নায়কৰ আসনেই পূৰাই থাকিল।
পৰৱৰ্তী সময়ত সৰু-বৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি দশক দশক ধৰি তেওঁ অসমীয়া ছবি-ছিৰিয়েল, টেলিফিল্ম আদিক জীপাল কৰি আহিছে। 'আজলী নবৌ'ৰ পৰাই তেওঁ নায়কৰ চৰিত্ৰৰ পৰিবৰ্তে আন চৰিত্ৰতো সমান দক্ষতাৰে জিলিকি উঠিবলৈ সক্ষম হৈছিল।
ককাদেউতা, নাতি আৰু হাতীত কৰা অভিনয় তেওঁৰ এক অক্ষয় কীৰ্তি হৈ ৰৈছে। সমকালীন হিন্দী বা আন আঞ্চলিক ভাষাৰ ছবিত এই অনন্য মাত্ৰাৰ অভিনয় বিৰল আছিল। মন কৰিবলগীয়া যে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুখ্যাত অভিনেতা হোৱাৰ সকলো গুণ-অৰ্হতা থাকিও আঞ্চলিক ভাষাৰ ছবিত অভিনয় কৰিয়েই এক পৰিশীলিত, উচ্চ-বাচ্যহীন সাংস্কৃতিক জীৱন কটাই গ'ল নিপন গোস্বামীয়ে।
দুখনমান হিন্দী আৰু বাংলা ছবিতো তেওঁ অভিনয় কৰিছিল যদিও অসমীয়া ছবিৰ প্ৰতি থকা গভীৰ প্ৰেমৰ বাবেই তেওঁ সুদীর্ঘ কাল এই ৰাজ্যিক উদ্যোগটোৰ সৈতে সম্পৃক্ত হৈ ৰৈছিল। তেজপুৰৰ ওপজা ঘৰখনতেই নিপন গোস্বামীয়ে অভিনয়ৰ আদিপাঠ শিকিছিল।
প্রখ্যাত অভিনেতা পিতৃ চন্দ্ৰধৰ গোস্বামীৰ ভাতৃসকলো অভিনয়ৰ সৈতে জড়িত আছিল। কাষতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ ঘৰ; মাজত ঐতিহ্যপূর্ণ বাণ থিয়েটাৰ। অভিনয় স্পৃহা থকা ল'ৰা এজনক পূৰ্ণাংগ অভিনেতাৰূপে গঢ়ি তুলিবলৈ সেই সাংস্কৃতিক পৰিবেশ যেন যথেষ্ট আছিল।
শিশু কালতে ‘লাচিত বৰফুকন' নাটকত কৰা অভিনয়েৰেই সূচনা হৈছিল তেওঁৰ নাট্য যাত্রা। স্কুলৰ পৰা আৰম্ভ কৰি বি এৰ ফাইনেলত অৱতীৰ্ণ হোৱালৈকে কিমান যে নাটকত অভিনয় কৰিলে তাৰ সীমা-সংখ্যা নাই। অনেক প্রশংসাও বুটলিছিল।
কিন্তু পুনে ফিল্ম ইনষ্টিটিউটত অধ্যয়ন কৰিবলৈ গৈহে তেওঁ অভিনয়ৰ আনুষ্ঠানিক শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম হয়। সম্ভৱতঃ সেই শিক্ষাৰ বাবেই ছবিৰ নায়ক হিচাপে নিপন গোস্বামীয়ে ৰূপালী পৰ্দাত স্বাভাৱিক আৰু সাৱলীল ৰূপত আত্মপ্ৰকাশ কৰিব পাৰিছিল।
অভিনয়ৰ সেই স্বভাৱসৌন্দৰ্য তেওঁ 'সংগ্রাম'ৰ পৰা জীৱনৰ শেষ ছবি‘লংকাকাণ্ড লৈকে অটুট ৰাখিছিল। নাটক কৰি ভাল পোৱা নিপন গোস্বামীয়ে অনাতাঁৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো শক্তিশালী অভিনয়ৰ স্বাক্ষৰ ৰাখি গৈছে। বহু নাটক পৰিচালনাও কৰিছে।
তেওঁ এটা সৰু চৰিত্ৰও অতি আন্তৰিকতাৰে ৰূপায়ণ কৰিছিল। ছবিৰ কামত অৰ্ধশতিকাৰো অধিক সময় নিয়োজিত হৈ আছিল যদিও মুনিন বৰুৱাৰ সৈতে যৌথভাৱে পৰিচালনা কৰা ‘প্রতিমা'ৰ বাহিৰে তেওঁ স্বতন্ত্রভাৱে ছবি পৰিচালনা কৰা নাছিল।
শেহতীয়াকৈ ‘ডক্টৰ বেজবৰুৱা-২' ছবিখনৰ পৰিচালনাৰ দায়িত্ব সম্পন্ন কৰিছিল; কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বেই তেওঁ চিৰবিদায় ল'লে। অৱশ্যে ইতিপূর্বে তেওঁ একাধিক ধাৰাবাহিক-টেলিফিল্ম পৰিচালনা কৰিছে।
নিপন গোস্বামীৰ ব্যক্তিত্বৰ এটা উজ্জ্বল দিশ হ'ল কেইবাটাও প্ৰজন্মৰ শিল্পী, কলা-কুশলীৰ সৈতে তেওঁৰ সহজ আৰু সদ্ভাবপূৰ্ণ সম্পৰ্ক আছিল। একেবাৰে নতুন সহ-অভিনেতা বা অভিনেত্ৰী এগৰাকীকো তেওঁ শিকাই-বুজাই সকলো আড়ষ্টতা নাইকিয়া কৰিব পাৰিছিল।
ছবিৰ দৃশ্যগ্ৰহণতেই নহয়, সভা-সমিতিত ভাগ লোৱাৰ ক্ষেত্ৰতো তেওঁ নিয়মানুবর্তিতা ৰক্ষা কৰি চলিছিল। সাফল্যৰ উচ্চ শিখৰত অৱতীৰ্ণ হৈও তেনেই এক সাধাৰণ, ভেম- অহংকাৰহীন জীৱন কটোৱা নিপন গোস্বামী যথাৰ্থতে এজন মানুহৰ শিল্পী আছিল।
অসমীয়া কৃষ্টি-ভাষা-জাতিৰ প্ৰতি অপমান বা অন্যায় তেওঁ কেতিয়াও সহ্য নকৰিছিল। সময়ত তাৰ প্ৰতিবাদো কৰিছিল। অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ, উচ্চাৰণৰ প্ৰতি সদাসচেষ্ট গোস্বামীয়ে তেওঁৰ মিঠা ব্যক্তিত্বৰে আনকো সেইক্ষেত্ৰত উৎসাহিত কৰিছিল।
নিপন গোস্বামীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবেই এক অপূৰণীয় ক্ষতি। অসমীয়া ছবি জগতে হেৰুৱালে এটা উজ্জ্বল নক্ষত্র। এগৰাকী ভাল শিল্পী হ'বলৈ যে প্রতিভা, অধ্যৱসায়ৰ লগতে সাধুতা, বিনয়, নম্ৰতাৰো আৱশ্যক, সেই কথা নিপন গোস্বামীৰ জীৱনাদর্শয়ো আমাক শিকাই গ'ল। অসমৰ মঞ্চ, চলচ্চিত্ৰ, অনাতাঁৰৰ এগৰাকী বলিষ্ঠ অভিনেতা, মহানায়ক নিপন গোস্বামীলৈ আমাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলো।