অস্তিত্বহীন ! নিৰ্বাচন আয়োগে তালিকাৰ পৰা আঁতৰালে ৮৬ টা দলৰ নাম...

অসন্তুষ্ট দলে ৩০ দিনৰ ভিতৰত যোগাযোগ কৰিব পাৰিব সংশ্লিষ্ট বিষয়াৰ সৈতে...

author-image
Asomiya Pratidin
New Update
অসমসহ দেশৰ ৯ ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা...

ELECTION COMMISSION OF INDIA ELECTION COMMISSION OF INDIA

ডিজিটেল ডেস্কঃ ভাৰতীয় নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পঞ্জীয়নকৃত ৰাজনৈতিক দলৰ তালিকাৰ পৰা আঁতৰোৱা হ'ল ৮৬ টা অস্তিত্বহীন অস্কীকৃত ৰাজনৈতিক দলক।আয়োগে মঙ্গলবাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

আয়োগৰ মতে নিৰ্বাচনী নিয়ম অনুসৰণ কৰাত ব্যৰ্থ হোৱা ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি পাইছে ৫৩৭ টালৈ। আয়োগে এই সম্পৰ্কত কয় যে, জনস্বাৰ্থৰ লগতে নিৰ্বাচনী গণতন্ত্ৰৰ পবিত্ৰতাৰ বাবে জৰুৰী সংশোধনমূলক ব্যৱস্থা লোৱোটো প্ৰয়োজন ৰু সেয়ে অতিৰিক্ত ২৫৩ টা পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলক নিষ্ক্ৰিয় বুলি ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, ২৫ মে' আৰু ২০ জুনত ক্ৰমান্বয়ে ৮৭ আৰু ১১১ টা ৰাজনৈতিক দলক তালিকাৰ পৰা আঁতৰ কৰা হৈছে। বিহাৰ, দিল্লী, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগানা, আৰু উত্তৰ প্ৰদেশৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ পৰা লাভ কৰা প্ৰতিবেদনৰ ভিত্তিত এই ২৫৩ টা দলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আয়োগে নিষ্ক্ৰিয় বুলি ঘোষণা কৰা এই দলবোৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰৰ কোনো উত্তৰ লাভ নকৰিলে। যাৰ বাবে দলবোৰক নিষ্ক্ৰিয় বুলি ঘোষণা কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে। ইয়াৰ উপৰিও এই দলসমূহে শেহতীয়া নিৰ্বাচনসমূহত প্ৰতিদ্বন্দিতাও কৰা নাই।

আয়োগে প্ৰকাশ কৰা জাননীত উল্লেখ কৰা হৈছে যে, ৮৬ টা অস্তিস্ত্বহীন দলক পঞ্জীভুক্ত অস্বীকৃত ৰাজনৈতিক দলৰ তালিকাৰ পৰা আঁতৰোৱা হ'ব। আনহাতে নিষ্ক্ৰিয় বুলি চিনাক্ত ২৫৩ টা দলে নিৰ্বাচনী চিহ্ন (সংৰক্ষণ আৰু আৱণ্টন) আদেশ-১৯৬৮ ৰ অধীনত কোনো সুবিধা লাভ নকৰিব।

যদি আয়োগৰ এই সিদ্ধান্তত পঞ্জীভুক্ত অস্বীকৃত ৰাজনৈতিক দল অসন্তুষ্ট হয় তেনে তেওঁলোকে দলৰ বাৰ্ষিক অডিটৰ একাউণ্ট, ব্যয়ৰ প্ৰতিবেদন, কাৰ্যবাহী বিষয়াসকলৰ আপডেট তালিকাৰ সৈতে ৩০ দিনৰ ভিতৰত সংশ্লিষ্ট বিষয়াৰ কাষলৈ যাব পাৰিব।

india election commission of india news political party