জম্মু-কাশ্মীৰ বিধানসভা নির্বাচনৰ প্ৰথম পর্যায়ৰ অধিসূচনা জাৰি

জম্মু-কাশ্মীৰ বিধানসভা নির্বাচনৰ প্ৰথম পর্যায়ৰ অধিসূচনা জাৰি
Published on
Updated on

ডিজিটেল ডেস্কঃ নির্বাচন আয়োগে জম্মু-কাশ্মীৰ বিধানসভা নির্বাচনৰ প্ৰথম পর্যায়ৰ বাবে অধিসূচনা জাৰি কৰিছে। অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব জম্মু কাশ্মীৰত। এই পর্যায়ত প্রথম পর্যায়ত অনন্তনাগ, স্বপিয়ান, কুলগাম, বামবান্দ, কিস্তৱাৰ আৰু দ'দা জিলাৰ ২৪টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। এই পর্যায়ৰ মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ২৭ আগষ্ট ধার্য কৰা হৈছে।

২৮ আগষ্টত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব। আনহাতে, ৩০ আগষ্টলৈকে প্রার্থীসকলে মনোনয়ন পত্র প্রত্যাহাৰ কৰিব পাৰিব। প্রথম পর্যায়ৰ নির্বাচন অহা ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব। এই পর্যায়ত প্রায় ৯০ লাখ ভোটদাতাই ভোটদান কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত সীমা নির্ধাৰণ প্ৰক্ৰিয়াৰ পাছত বিধানসভা আসনৰ সংখ্যা ৮৩ৰ পৰা ৯০ লৈ বৃদ্ধি হয়। ইয়াৰ ভিতৰত ৭৪ খন আসন সাধাৰণ শ্রেণীৰ প্রার্থীৰ বাবে। আনহাতে ৭ খন আসন অনুসূচিত জাতি আৰু ৯ খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে।

এইবাৰ নির্বাচনত ভোটদান কৰিবলগীয়া নাগৰিকসকলৰ ভিতৰত প্ৰায় ২১ লাখ ভোটদাতা ২০ৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰৰ। জম্মু-কাশ্মীৰত এইবাৰ নির্বাচনত মুঠ ৮৭ লাখ ৯ হাজাৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪৪ লাখ ৪৬ হাজাৰ পুৰুষ আৰু ৪২ লাখ ৬২ হাজাৰ মহিলা। ইপিনে এই নির্বাচনত ৩ লাখ ৭১ হাজাৰ গৰাকী ভোটদাতাই প্রথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব।

জম্মু-কাশ্মীৰ বিধানসভা নির্বাচনৰ প্ৰথম পর্যায়ৰ অধিসূচনা জাৰি
আমি স্বাধীন নে পৰাধীন!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in