ডিজিটেল ডেস্কঃ বিয়লি ৪.০০ বজালৈকে অসমৰ ৫সমষ্টিৰ উপ নিৰ্বাচনত ভোটদানৰ হাৰ হৈছে-
- ৮৮নং চামগুৰিত ভোটদানৰ হাৰ হৈছে- ৬৬.৩৩শতাংশ,
- ৭৭নং বিহালী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৬৪.৩৪শতাংশ
- ৩১নং চিদলী সমষ্টিত ভোটদানৰ হাৰ হৈছে- ৬৪.২২শতাংশ
- ৩২নং বঙাইগাঁও সমষ্টিত ভোটদানৰ হাৰ- ৬৬.৯৪শতাংশ
- ১১নং ধলাই সমষ্টিত ভোটদানৰ হাৰ হৈছে –৬০.০১শতাংশ
উল্লেখ্য যে ধলাই বিধানসভা সমষ্টিৰ পৰিমল শুক্লবৈদ্য, বিহালীৰ ৰঞ্জিত দত্ত, চামগুৰিৰ ৰকিবুল হুছেইন, বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰী আৰু চিদলী সমষ্টিৰ জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টি কেইটাত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । আজি পাঁচটা সমষ্টিৰ ৯,০৯,০৫৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩৪ গৰাকী প্ৰাৰ্থীৰ।
উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১০৭৮ টা । মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯,০৯,০৫৭ গৰাকী । ইয়াৰে ধলাই (এচ চি) সমষ্টিত ১,৯৬,৭৭২ গৰাকী, চিদলী (এছ টি)ত ২,১৭,১৮৩ গৰাকী, বঙাইগাঁও সমষ্টিত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১,৩২,৩০০ গৰাকী আৰু চামগুৰি সমষ্টিত ১,৮০,৪৪৮ গৰাকী ভোটাৰ আছে । সেইদৰে চাৰ্ভিছ ভোটাৰ আছে ধলাইত ৫২৪ গৰাকী, চিদলীত ৬৩০ গৰাকী, চামগুৰিত ২৬৭ গৰাকী, বঙাইগাঁৱত ১০৫৪ গৰাকী আৰু বিহালীত ১৪২ গৰাকী । মুঠ ২,৬১৭ গৰাকী চাৰ্ভিচ ভোটাৰ ।
বিশেষভাৱে সক্ষম ভোটাৰ আছে ধলাই সমষ্টিত ১১২৫ গৰাকী, চিদলীত ১৭৭০ গৰাকী, বঙাইগাঁৱত ৪৭৪ গৰাকী, বিহালীত ১৪৯ গৰাকী আৰু চামগুৰিত ৬৭৯ গৰাকী । মুঠ ৪১৯৭ গৰাকী । আনহাতে ভোটদাতা জ্যেষ্ঠ নাগৰিকৰ (৮৫ বছৰৰ উৰ্দ্ধৰ) সংখ্যা হৈছে ধলাইত ৬৮৩ গৰাকী, চিদলীত ১০২৫ গৰাকী, বঙাইগাঁৱত ৪৭৪ গৰাকী, বিহালীত ৪৮৮ গৰাকী আৰু চামগুৰিত ১১১৮ গৰাকী । মুঠ ৩৭৮৮ গৰাকী । ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ধলাইত ২০৮ টা, চিদলীত ২৭৩ টা, বঙাইগাঁৱত ২৪৬ টা, বিহালীত ১৫৪ টা, চামগুৰিত ১৯৭ টা ।