এতিয়া কৰিব নালাগে ১৮ বছৰলৈ অপেক্ষা…..

এতিয়া কৰিব নালাগে ১৮ বছৰলৈ অপেক্ষা…..

author-image
asomiyapratidin
New Update
এতিয়া কৰিব নালাগে ১৮ বছৰলৈ অপেক্ষা…..

ডিজিটেল ডেস্ক : ভাৰতীয় নিৰ্বাচনী আয়োগৰ বৃহৎ ঘোষণা , ১৮ বছৰ বযসত নহয় ১৭ বছৰ বয়সতে ভোটাৰ তালিকাত নাম আন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব । ভাৰতীয় নিৰ্বাচন আয়োগে এতিয়াৰে পৰা ১৭ বছৰ বয়সৰ যুৱক-যুৱতী সকলে নিজৰ নাম ভোটাৰ তালিকাত আন্তৰ্ভূক্ত কৰিবৰ বাবে আগতিয়াকৈ আবেদন পত্ৰ গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপম চন্দ্ৰ পাণ্ডেয়ে দেশৰ সকলো ৰাজ্যৰ মুখ্য কাৰ্যবাহী বিষয়া , ই.আৰ.অ, এই.আৰ.আ সকলক এই ব্যৱস্থা কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । এতিযাৰে পৰা দেশত চাৰিটা পৰ্যায়ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হ'ব । চতুৰ্থ পৰ্যায়ত পুৰ্ণাংগ তালিকা প্ৰকাশ কৰাৰ  লগতে ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব ।

২০২৩ বৰ্ষৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ২০২৩ বৰ্ষৰ ১ জানুৱাৰী , ১ এপ্ৰিল , ১ জুলাই  আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ কৰিব লগীয়া যুৱক-যুৱতী সকলে এতিয়াৰে পৰা অনলাইন আবেদন কৰিব পাৰিব । বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা ঘোষণা কৰিছে ভাৰতীয় নিৰ্বাচনী আয়োগে।  

আৰু পঢ়ক : দ্ৰৌপদী মুৰ্মুক 'ৰাষ্ট্ৰপত্নী' বুলি মন্তব্য কংগ্ৰেছ নেতাৰ, উত্তাল সদন…

election commission electoral roll new voter